সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি:
এনকাউণ্টাৰৰ প্ৰসংগত সদনত কি ক'লে মুখ্যমন্ত্রীয়ে
আৰক্ষীক (POLICE) লক্ষ্য কৰি ল'লে উত্তৰ পাবই । আইনৰ ভিতৰত থাকি আৰক্ষীয়ে চৰম পন্থা লওক। বিষ পান কৰিবলৈ মই সাজু আছো । কোনো সমালোচনাই আমাক টলাব নোৱাৰে । বিধানসভাৰ মজিয়াত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) ৷
এখনি শুৱনি গাঁও গঢ়াৰ সোণালী হাবিয়াস এদল যুৱকৰ
আনন্দ চন্দ আগৱালাই শুৱনি আমাৰ গাঁও কবিতাত লিখিছিল ‘‘শুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছেৰে ভৰা, ডাল ভৰি ভৰি ফল-ফুল লাগে কত পাওঁ তলসৰা’’ ৷ তেনে এখন শুৱনি গাঁও গঢ়াৰ পণ লৈছে এদল যুৱকে ৷ নিজা শ্ৰমেৰে নিজ গাঁওখন ৰাজ্যৰ ভিতৰতেই নহয় দেশৰ ভিতৰতে এখন আদৰ্শ গাঁও গঢ়াৰ চেষ্টা যুৱকসকলৰ। প্ৰায় আঢ়ৈ কিলোমিটাৰ অঞ্চলজুৰি থকা গাঁওখনৰ পৰিস্কাৰ পৰিবেশে মুগ্ধ কৰিব আপোনাক ।
অসমত গো-মাংস বিক্ৰী বন্ধৰ দাবী জনালে এটা সংখ্যালঘু সংগঠনে
অসমত সম্পূৰ্ণ ৰূপে গো-মাংসৰ (beef) বিক্ৰী বন্ধ হ’ব লাগে ৷ কাৰণ শেহতীয়াকৈ ৰাজ্য চৰকাৰে গো-সুৰক্ষাৰ (Cattle protection) ওপৰত যিখন বিধেয়ক আনিছে সেই বিধেয়ৰ জৰিয়তে সমাজত সাম্প্ৰদায়িকতা বৃদ্ধি পাব ৷ এই মন্তব্য কাছাৰৰ এটা সংখ্যালঘু সংগঠনৰ ৷
'জ'কাৰ' শব্দক লৈ উত্তাল হ'ল বিধানসভা
বিৰোধীৰ মতে, অখিল গগৈক 'জ'কাৰ' বুলি কোৱা হৈছে । গগৈক জ'কাৰ বোলা কথাটোৰ তীব্ৰ বিৰোধিতা কৰে কংগ্ৰেছ নেতা ৰকিবুল হুছেইন আৰু ভৰত নৰহে । অখিল গগৈৰ বিৰুদ্ধে সদনত কৰা প্ৰশ্নৰ উত্তৰ সদনত উত্থাপন হোৱাৰ পূৰ্বে ৰাজহুৱা কৰাৰ অভিযোগ । শাসক-বিৰোধীৰ তৰ্কযুদ্ধত উত্তপ্ত সদন ।