অসম

assam

ETV Bharat / state

7 বজাৰ শীৰ্ষ দহটা বাতৰি

7 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 @ 7 PM
7 বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Jul 1, 2021, 7:07 PM IST

1. এয়া সততাৰ জয়: প্ৰিয়দা গগৈ

অখিল গগৈ NIA ৰ গোচৰত দোষমুক্ত হোৱাৰ পাচতে যোৰহাট জিলাৰ চেলেংহাটস্থিত অখিল গগৈৰ বাসগৃহত দেখিবলৈ পোৱা গৈছে আনন্দৰ বন্যা । ন্যায়ালয়ৰ ৰায়ক আদৰণি জনাই অখিলৰ মাতৃ প্ৰিয়দা গগৈয়ে ক'লে, এয়া সততাৰ জয় । কেতিয়াবা ন্যায়ালয়ৰ ওপৰত কিঞ্চিত হ'লেও আস্থাহীন হৈ পৰিছিল অখিলৰ পৰিয়াল ৷ কিন্তু NIA ৰ আদালতৰ ৰায়দানৰ পাচত নিজৰ সন্তুষ্টি প্ৰকাশ কৰিলে গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে ।

2.মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ৰাজ্যত CPI(M) ৰ প্ৰতিবাদ

মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত ৰাখিছে চিপিআইএমে ৷ বৃহস্পতিবাৰে জনীয়া, নলবাৰী আৰু ৰঙিয়াতো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে CMI(M) য়ে ৷

3.গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত চিকিৎসক দিৱস পালন

পশ্চিমবংগৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী তথা বিশিষ্ট চিকিৎসক প্ৰয়াত ডাঃ বিধান চন্দ্ৰ ৰয়ৰ জন্মদিনটোত সমগ্ৰ দেশতে উদযাপন কৰা হয় চিকিৎসক দিৱস ৷ হেল্থ চিটি হাস্পতাল কৰ্তৃপক্ষই বিগত বৰ্ষবোৰৰ দৰেই এইবেলিও কেক কাটি ডাঃ বি চি ৰায়ৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে হাস্পতালখনৰ চিকিৎসকসকলক সম্বৰ্ধনা জনায় ।

4.কোন দিশে বিশ্ব গৌৰৱ ভ্ৰাম্যমাণ থিয়েটাৰৰ ভৱিষ্যৎ

কাল কৰ'ণাই বাৰুকৈয়ে প্ৰভাৱ পেলালে অসমৰ সংস্কৃতিৰ ভঁৰাল চহকী কৰা বিশ্ব গৌৰৱ ভ্ৰাম্যমাণ থিয়েটাৰ(mobile theater)ক ৷ গৌৰৱোজ্বল 56 টা বছৰ অতিক্ৰম কৰা এই উদ্যোগটো অদ্যপি স্তব্ধ হৈ পৰিছে ক'ভিড-১৯(covid-19)ৰ ভয়াৱহ সংক্ৰমণৰ বাবে ৷ হঠাতে অহা দুৰ্যোগৰ বলি হৈ এতিয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত জড়িত বহুতৰে জীৱন-জীৱিকাৰ প্ৰতি নামি আহিছে ভাবুকি ৷

5.জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ গুলীত ধৰাশায়ী ৩ সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰৰ কুলগাম জিলাৰ চিম্মাৰ অঞ্চলত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ । বুধবাৰে এই সংঘৰ্ষত নিৰাপত্তা বাহিনীৰ গুলীত নিহত হয় ৩টা সন্ত্ৰাসবাদী । এটা সন্ত্ৰাসবাদীয়ে আত্মসমৰ্পণ কৰে ।

6.মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সন্দৰ্ভত কি ক'লে শিক্ষামন্ত্রীয়ে

হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC examination) আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা (ASSAM HIGHER SECONDARY FINAL EXAM)ৰ ফলাফল ঘোষণা সন্দৰ্ভত মূল্যায়ন পদ্ধতি(Evaluation Method)ৰ বাবে গঠিত কমিটি দুখনৰ পৰামৰ্শ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । বৃহস্পতিবাৰে 31 জুলাইৰ ভিতৰত দুয়োটা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি ছেবা(SEBA)ৰ কাৰ্যালয়ত সম্বোধন কৰা এখন সংবাদমেলত এই কথা সদৰী কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (Education Minister Ranuj pegu) য়ে ।

7.ক'ভিড-১৯ ৰ তৃতীয় ঢৌৰ ভয়াৱহ সংক্ৰমণ নহ'বও পাৰে: ডাঃ ৰণদীপ গুলেৰিয়া

ক'ভিড-১৯ ৰ তৃতীয় ঢৌৱে ভাৰতত ভয়াৱহ পৰিস্থিতি সৃষ্টি নকৰিবও পাৰে । যদিহে সকলো সাৱধান হয়, দেশৰ অধিকাংশ লোকক প্ৰতিষেধক প্ৰদান কৰিব পৰা যায়, তেন্তে তৃতীয় ঢৌৰ সংক্ৰমণৰ পৰা ভাৰত ৰক্ষা পৰাৰ সম্ভাৱনা আছে । বৃহস্পতিবাৰে এই মন্তব্য প্ৰকাশ কৰে সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই ।

8.পাকিস্তানত বন্দী ভাৰতৰ ৫৫৮ গৰাকী মাছমৰীয়া

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা বিবৃতি অনুসৰি চৰকাৰে পাকিস্তানৰ জিম্মাত বন্দী হৈ থকা ভাৰতৰ সাধাৰণ নাগৰিক, সন্ধানহীন ভাৰতীয় প্ৰতিৰক্ষা কৰ্মী আৰু মাছমৰীয়াসকলক তেওঁলোকৰ নাৱৰ সৈতে সোনকালে মুকলি আৰু প্ৰত্যাৱৰ্তন কৰিবলৈ আহ্বান জনাইছে ।

9.অভয়াপুৰীত জব্দ নিচাজাতীয় টেবলেট

বুধবাৰে নিশা গোপন সূত্ৰৰ পম খেদি অভয়াপুৰীৰ নয়া গাঁৱত যোগীঘোপা আৰক্ষীয়ে আটক কৰে অমৃত পাল নামৰ এজন লোকক । অমৃত পাল নামৰ লোকজন অভয়াপুৰীৰ পাল ড্ৰাগছ ডিষ্ট্ৰিবিউট (DRUGS distribute)ৰ স্বত্বাধিকাৰী বুলি জানিব পৰা গৈছে ।

10.অসমত ব্লেক ফাংগাছত আক্ৰান্ত দ্বিতীয়জন ৰোগীৰ মৃত্যু

মৃত্যুৰে হাৰ মানিলে অসমৰ ব্লেক ফাংগাছত আক্ৰান্ত দ্বিতীয়গৰাকী ৰোগীয়ে ৷ 15 দিন ধৰি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল লোকগৰাকী ৷ ক'ভিডত আক্ৰান্ত হৈ আৰোগ্য হোৱাৰ পাচতে লোকগৰাকীৰ দেহত ব্লেক ফাংগাছৰ অৱস্থিতি ধৰা পৰিছিল ৷ অতিৰিক্ত মধুমেহ ৰোগ থকাৰ বাবেই তেওঁৰ মৃত্যু হয় বুলি চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিছে ৷

ABOUT THE AUTHOR

...view details