অসম

assam

ETV Bharat / state

সাত বজাৰ শীৰ্ষ দহটা বাতৰি...

সাত বজাৰ শীৰ্ষ দহটা বাতৰি...

সাত বজাৰ শীৰ্ষ দহটা বাতৰি...
সাত বজাৰ শীৰ্ষ দহটা বাতৰি...

By

Published : May 4, 2021, 7:02 PM IST

ৰাজ্যবাসীৰ সমুখত ক’ভিড সম্পৰ্কীয় নতুন নিৰ্দেশাৱলী

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই পুনৰ প্ৰকাশ কৰিছে ক’ভিড প্ৰট’কল সম্পৰ্কীয় এক নতুন নিৰ্দেশাৱলী ৷ 5 মে’ৰ পুৱা 5 বজাৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিৰ্দেশাৱলী ৷

ভাৰতবৰ্ষত শিক্ষা খণ্ডৰ জৰুৰী অৱস্থা

ক’ভিড-১৯ ৰ ফলত সমগ্ৰ দেশজুৰি কোটি কোটি শিশু শিক্ষাৰ পৰা বঞ্চিত হ’ব লগা হৈছে ৷ যদিহে দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ গম্ভীৰতাক গুৰুত্বসহকাৰে লোৱা নাযায়, তেনেহ’লে দেশৰ শিক্ষা খণ্ডৰ সামগ্ৰিক প্ৰগতি এক দ-খাৱৈত পৰিবগৈ ৷ ইনাডুৰে হোৱা এক সাক্ষাৎকাৰত ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাটোৰ বিষয়ে কৃষ্ণ কুমাৰে কেইবাটাও পৰামৰ্শ আগবঢ়াই ৷

টাটা ডিআই বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত 5 বছৰীয়া শিশু

গোলাঘাটত টাটা ডিআই বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হ'ল 5 বছৰীয়া এগৰাকী শিশু ৷ বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে শিশুটিক ৷

ক'ভিড-১৯ ত আক্রান্ত হৈ SBI বিষয়াৰ মৃত্যু

আমগুৰি ভাৰতীয় ষ্টেট বেংকৰ মুখ্য গাণনিক বিষয়া প্ৰশান্ত বৰাৰ ক'ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু ঘটে ৷ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যুক সাৱটি লয় বিষয়াগৰাকীয়ে ৷ বিষয়াগৰাকীৰ পত্নীও ক’ভিড-19 আক্ৰান্ত হৈ আছে ৷ মুখ্য গাণনিক বিষয়া প্ৰশান্ত বৰাৰ মৃত্যুত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰে ৷

কাৰ্বি আংলঙৰ লাংহিনত ভয়ংকৰ পথ দুৰ্ঘটনা

কাৰ্বি আংলং জিলাৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক-মেজিক বাহনৰ মুখামুখি সংঘৰ্ষ ৷ থিতাতে নিহত এজন আৰোহী ৷

খৰাংসদৃশ পৰিস্থিতি: গভীৰ সংকটত অসমৰ চাহ উদ্যোগ

গভীৰ সংকটত অসমৰ চাহ উদ্যোগ । এফালে লক ডাউন, আনফালে খৰাংসদৃশ পৰিস্থিতি ৷ প্ৰয়োজনতকৈ কম পৰিমাণৰ বৰষুণ হোৱাৰ বাবে ৰাজ্যৰ বৃহৎ চাহগোষ্ঠীৰ পৰা আৰম্ভ কৰি ক্ষুদ্ৰ চাহ খেতিয়কলৈকে সকলোৱে মূৰে-কপালে হাত দিবলগীয়া হৈছে ।

ক'ভিডৰ ভয়াৱহ সংক্ৰমণ: জাৰি হ'ব চৰকাৰী নতুন নিৰ্দেশনা

বুধবাৰৰ পৰা সন্ধিয়া ৬ বজাৰ পৰা নৈশ সান্ধ্য আইন বলৱৎ হ’ব । ইয়াৰ পূৰ্বে নিশা ৮ বজাৰ পৰাহে নৈশ সান্ধ্য আইন বলৱৎ হৈ আছিল । আনহাতে নতুন নিৰ্দেশনা অনুসৰি কোনো লোকে সন্ধিয়া ৬ বজাৰ পিছৰ পৰা ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰিব । ইফালে বিয়লি ২ বজাৰ পৰা দোকান-পোহাৰৰ লগতে শ্বপিংমল আদিকে ধৰি সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব ।

অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা

11 মে'ত অনুষ্ঠিত নহয় হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ এক বিবৃতিযোগে এই তথ্য প্ৰকাশ কৰিলে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে ৷

পৰ্যটকৰ বাবে বন্ধ মানাহ ৰাষ্ট্ৰীয় উদ্যান

বন্ধ কৰা হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান ৷ ক'ভিড-19 ৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অনিৰ্দিষ্টকালীন সময়লৈ পৰ্যটকৰ প্ৰৱেশ বন্ধ কৰা হ’ল ৰাষ্ট্ৰীয় উদ্যানখনত ।

অক্সিজেন কনচেণ্ট্ৰেটৰ:কেন্দ্ৰৰ পৰা প্ৰতিবেদন বিচাৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

বৰ্তমান সমগ্ৰ দেশতে চিকিৎসা অক্সিজেনৰ অভাৱে ভয়াৱহ সংকটৰ সৃষ্টি কৰিছে । এনে সময়তে সোমবাৰে শুল্ক বিভাগৰ অনুমোদন লাভ নকৰাৰ বাবে স্থগিত কৰা ৰখা অক্সিজেন কনচেণ্ট্ৰেটৰ যোগান সন্দৰ্ভত সবিশেষ জনাবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ে ।

ABOUT THE AUTHOR

...view details