কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী, জল্পনা-কল্পনা অব্যাহত
অসমৰ ৰাজনীতিত কোনোকালে নোহোৱা-নোপোজা ঘটনা এয়ে যে, ফলাফল ওলোৱাৰ এসপ্তাহ হোৱাৰ পাছতো কিন্তু সংখ্যাগৰিষ্ঠতা লাভক বিজেপিয়ে চৰকাৰ গঠন নকৰা বিষয়টোৱে অসমৰ ৰাজনৈতিক পৰিবেশ উত্তাল কৰি ৰাখিছে । এফালে মহামাৰী কৰোণাৰ সংহাৰী ৰূপ, প্ৰয়োজন এখন শক্তিশালী চৰকাৰ আৰু আনফালে মুখ্যমন্ত্ৰীকেন্দ্ৰীক সংঘাটৰ বাবে আজিও ৰাজভৱন চৌহদত নিমাওমাও পৰিবেশ।
কোন হ‘ব কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি আৰু বিৰোধী দলপতি !
ৰাজ্যত এতিয়া মুখ্যমন্ত্ৰী কোন হ’ব তাক লৈ চৰ্চা অব্যাহত থকাৰ সমান্তৰালকৈ চলিছে কোনে নেতৃত্ব বহন কৰিব প্ৰদেশ কংগ্ৰেছৰ আৰু বিধানসভাত কোনে লাভ কৰিব বিৰোধী দলপতিৰ মৰ্যাদা ৷
আহোম জনগোষ্ঠীৰ পৰা মন্ত্ৰী বিছাৰি টাই আহোম যুৱ পৰিষদৰ সংবাদমেল
মাহমৰাৰ বিধায়ক যোগেন মহন আৰু মৰাণৰ বিধায়ক চক্ৰধৰ গগৈক কেবিনেট মন্ত্ৰী বিচাৰি মৰাণত টাই আহোম যুৱ পৰিষদৰ সংবাদমেল ৷
কোন হ’ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ?
কোন হ’ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ? সৰ্বানন্দ সোণোৱাল নে হিমন্ত বিশ্ব শৰ্মা ? এই লৈ বিগত কেইবাটাও দিন ধৰি চলি আহিছে বিভিন্ন জল্পনা-কল্পনা ৷ এই জল্পনা-কল্পনা চলি থকাৰ মাজতে নতুন দিল্লীত আৰম্ভ হৈছে সংসদীয় কমিটিৰ বৈঠক ৷
প্ৰাপ্য সুৰক্ষিত কৰাৰ দাবীত অ'এনজিচিৰ অস্থায়ী শ্ৰমিকৰ প্ৰতিবাদ
অ'এনজিচিৰ ডেৰ শতাধিক অস্থায়ী শ্ৰমিকে শুকুৰবাৰে শিৱসাগৰ অ'এনজিচি যানবাহন কন্ট্ৰ'ল ৰূমৰ চৌহদত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷ শ্ৰমিকসকলৰ সুৰক্ষা আৰু প্ৰাপ্য সুৰক্ষিত কৰিবৰ বাবে ঠিকাভিত্তিক চালক সকলে অ'এনজিচি কৰ্তৃপক্ষক অৱগত কৰি আহিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ বাবেই উপায়হীন হৈ প্ৰতিবাদ কৰিবলগীয়া হৈছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শ্ৰমিক সকলে।