অসম

assam

ETV Bharat / state

5 বজাৰ শীৰ্ষ দহটা খবৰ - শীৰ্ষ দহটা খবৰ

5 বজাৰ শীৰ্ষ দহটা খবৰ

5 বজাৰ শীৰ্ষ দহটা খবৰ
5 বজাৰ শীৰ্ষ দহটা খবৰ

By

Published : May 6, 2021, 5:03 PM IST

ৰাজ্যবাসীৰ সংকটৰ সময়ত পুনৰ জুবিন গাৰ্গৰ মহানুভৱতা

কাহিলীপাৰাস্থিত নিজৰ দুমহলীয়া ঘৰ ক'ভিড কেয়াৰ চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাইছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু পত্নী গৰিমা শইকীয়া গাৰ্গে । বৃন্দাবন থিয়েটাৰৰ দুখন ট্ৰাক সকলো সময়তে ক'ভিড সম্পৰ্কীয় কামত ব্যৱহাৰ কৰাৰ বাবে চৰকাৰ আৰু প্ৰশাসনক প্ৰদান কৰাৰ বাবেও আগ্ৰহ প্ৰকাশ কৰিছে জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গে।

ৰাজ্যৰ ৪০ শতাংশ জিলাত নাই ক'ভিড আইচিইউ

ৰাজ্যখনত বৰ্তমান প্ৰায় ৩০ হাজাৰ ক'ভিড ৰোগী সক্ৰিয় হৈ থকাৰ বিপৰীতে চৰকাৰী হাস্পতালত ক'ভিড ৰোগীৰ বাবে মাত্র ৮,১৪৯ খন বিচনা আছে । ৰাজ্যৰ প্ৰায় ১৪ খন জিলাত ক'ভিড ৰোগীৰ বাবে চৰকাৰী চিকিৎসালয়ত নাই কোনো আইচিইউ বিচনা । আনকি আইচিইউ বিচনাৰ বাবে কোনো ধৰণৰ ব্যৱস্থাও গ্ৰহণ কৰা হোৱা নাই ।

এজন বিশেষ ভাৱে সক্ষম যুৱকৰ প্ৰেৰণা দায়ক কাহিনী

বটদ্ৰৱাৰ ৰামপুৰ সত্ৰ গাঁৱৰ এজন বিশেষ ভাৱে সক্ষম যুৱকৰ প্ৰেৰণা দায়ক কাহিনী ৷ চাৰিবছৰ পূৰ্ৱে এক পথ দুৰ্ঘটনাৰ ফলত পংগুত্বৰ জীৱন আঁকোৱালি ল’বলগীয়া হৈছিল মফিজুল নামৰ যুৱকজনে ৷

দিল্লীত কৰ'ণাত আক্ৰান্ত হৈ প্ৰতিভাৱান অসমীয়া যুৱকৰ মৃত্যু

দিল্লীত পুনৰ আন এজন প্ৰতিভাৱান অসমীয়া যুৱকৰ মৃত্যু ৷ বিগত তিনিদিন ধৰি মহামাৰী কৰ'ণাত আক্ৰান্ত হৈছিল যুৱকজন । বুধবাৰে নিশা অক্সিজেনৰ অভাৱত মৃত্যুবৰণ কৰে বৰপেটাৰ বহৰিৰ যুৱক তথা গুৱাহাটী বেলতলাৰ বাসিন্দা ড৹ পংকজ কুমাৰ মেধিয়ে (৪৭) ।

মেচেজিং এপৰ গোপনীয়তা নীতিৰ তদন্তৰ আবেদন নাকচ ন্যায়ালয়ৰ

মুখ্য ন্যায়াধীশ ডি এন পাটিল আৰু ন্যায়াধীশ জছমিত সিঙৰ বিচাৰপীঠে মেচেজিং এপৰ নতুন গোপনীয়তা নীতিৰ তদন্ত আদেশৰ বিৰুদ্ধে দাখিল কৰা আবেদন নাকচ কৰে ৷

উৎকোচ লোৱাৰ সময়তে হাতে-লোটে আটক আবকাৰী বিষয়া

বৃহস্পতিবাৰে তিনিচুকীয়াত উৎকোচ লোৱাৰ সময়ত হাতে-লোটে ধৰা পৰে আবকাৰী অধীক্ষক মানস জ্যোতি দাস ৷ আবকাৰী অধীক্ষকগৰাকীৰ কক্ষতে দাসক মাৰাথন জেৰা চলাই দুৰ্নীতি নিবাৰক শাখাই ৷

শোণিতপুৰত উপস্থিত 18 পৰা 44 বৰ্ষৰ লোকক প্ৰদান কৰা ক’ভিড প্ৰতিষেধক

ৰাজ্যৰ ছয় খন জিলাৰ বাবে 24 হাজাৰ নতুন ক’ভেক্সিন ৷ শোণিতপুৰ জিলাত ৭ মে'ৰ পৰা আৰম্ভ হ’ব 18 বছৰৰ পৰা 44 বৰ্ষৰ লোকৰ বাবে প্ৰদান কৰিবলগীয়া ক’ভিড-19ৰ প্ৰতিষেধক ৷

ডিব্ৰুগড়ত পুনৰ এগৰাকী কৰ'ণা আক্ৰান্তৰ মৃত্যু

ক'ভিড-১৯ ত আক্ৰান্ত হোৱাৰ সমান্তৰালকৈ প্ৰতিদিনে ৰাজ্যত বৃদ্ধি পাইছে ৰোগীৰ মৃত্যুৰ সংখ্যা । ডিব্ৰুগড়ত প্ৰাণ হেৰুৱালে কৰ'ণাত আক্ৰান্ত হোৱা এগৰাকী মহিলাই । মৃত মহিলাগৰাকী ডিব্ৰুগড়ৰ টেপৰ গাঁৱৰ আইমুনু সোণোৱাল ।

শপত গ্ৰহণৰ বাবে সাজু ৰাজভৱন: অনিশ্চয়তাত শপত লওতাৰ নাম

ৰাজ্যৰ ৰাজনীতিত অব্যাহত আছে মুখ্যমন্ত্ৰীকেন্দ্ৰীক চৰ্চা ৷ মুখ্যমন্ত্ৰী পদৰ শপত গ্ৰহণৰ বাবে ইতিমধ্যে সাজু হৈছে ৰাজভৱন ৷ কিন্তু এতিয়াও নিশ্চিত হোৱা নাই, প্ৰকৃতাৰ্থত কোনে অলংকৃত কৰিব আগন্তুক পাঁচ বছৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ আসন ৷

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মাতংগ সিঙৰ দেহাৱসান

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মাতংগ সিঙৰ শেষ নিশ্বাস ত্যাগ ৷ প্ৰাপ্ত তথ্য অনুসৰি, ক'ভিড-19 ত আক্ৰান্ত হৈ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গৰীকয়ে মৃত্যুক আঁকোৱালি লয় ৷

ABOUT THE AUTHOR

...view details