ভাৰতবৰ্ষত শিক্ষা খণ্ডৰ জৰুৰী অৱস্থা
ক’ভিড-১৯ ৰ ফলত সমগ্ৰ দেশজুৰি কোটি কোটি শিশু শিক্ষাৰ পৰা বঞ্চিত হ’ব লগা হৈছে ৷ যদিহে দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ গম্ভীৰতাক গুৰুত্বসহকাৰে লোৱা নাযায়, তেনেহ’লে দেশৰ শিক্ষা খণ্ডৰ সামগ্ৰিক প্ৰগতি এক দ-খাৱৈত পৰিবগৈ ৷ ইনাডুৰে হোৱা এক সাক্ষাৎকাৰত ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাটোৰ বিষয়ে কৃষ্ণ কুমাৰে কেইবাটাও পৰামৰ্শ আগবঢ়াই ৷
টাটা ডিআই বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত 5 বছৰীয়া শিশু
গোলাঘাটত টাটা ডিআই বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হ'ল 5 বছৰীয়া এগৰাকী শিশু ৷ বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে শিশুটিক ৷
খৰাংসদৃশ পৰিস্থিতি: গভীৰ সংকটত অসমৰ চাহ উদ্যোগ
গভীৰ সংকটত অসমৰ চাহ উদ্যোগ । এফালে লক ডাউন, আনফালে খৰাংসদৃশ পৰিস্থিতি ৷ প্ৰয়োজনতকৈ কম পৰিমাণৰ বৰষুণ হোৱাৰ বাবে ৰাজ্যৰ বৃহৎ চাহগোষ্ঠীৰ পৰা আৰম্ভ কৰি ক্ষুদ্ৰ চাহ খেতিয়কলৈকে সকলোৱে মূৰে-কপালে হাত দিবলগীয়া হৈছে ।
কৃত্ৰিম বানৰ কবলত ৰঙিয়াৰ মহাত্মা গান্ধী পথ
শেহতীয়াকৈ কৃত্ৰিম বানে নগুৰ-নাগতি কৰিছে ৰঙিয়াবাসীক ৷ ধাৰাষাৰে হৈ থকা বৰষুণৰ বাবে এইবাৰ কৃত্ৰিম বানৰ কবলত ৰঙিয়াৰ মহাত্মা গান্ধী পথ ৷
অখিল গগৈক সাক্ষাৎ কৰি ৰূপজ্যোতি কুৰ্মীৰ
মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মঙলবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা কাৰাবন্দী তথা শিৱসাগৰৰ নৱনিৰ্বাচিত বিধায়ক অখিল গগৈক সাক্ষাৎ কৰে । সাক্ষাতৰ পূৰ্বে বিধায়ক কুৰ্মীয়ে সংবাদ মাধ্যমৰ আগত বিভিন্ন প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে । নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছতে শপত গ্ৰহণ কৰি চৰকাৰ গঠনেৰে বিজেপি মিত্রজোঁটে ক'ভিডৰ বিৰুদ্ধে যুঁজ দিব লাগিছিল বুলি ব্যক্ত কৰে কুৰ্মীয়ে ।