অসম

assam

By

Published : May 6, 2021, 3:03 PM IST

ETV Bharat / state

বিয়লি তিনি বজাৰ শীৰ্ষ দহ বাতৰি...

বিয়লি তিনি বজাৰ শীৰ্ষ দহ বাতৰি...

বিয়লি তিনি বজাৰ শীৰ্ষ দহ বাতৰি...
বিয়লি তিনি বজাৰ শীৰ্ষ দহ বাতৰি...

এজন বিশেষ ভাৱে সক্ষম যুৱকৰ প্ৰেৰণা দায়ক কাহিনী

বটদ্ৰৱাৰ ৰামপুৰ সত্ৰ গাঁৱৰ এজন বিশেষ ভাৱে সক্ষম যুৱকৰ প্ৰেৰণা দায়ক কাহিনী ৷ চাৰিবছৰ পূৰ্ৱে এক পথ দুৰ্ঘটনাৰ ফলত পংগুত্বৰ জীৱন আঁকোৱালি ল’বলগীয়া হৈছিল মফিজুল নামৰ যুৱকজনে ৷


উৎকোচ লোৱাৰ সময়তে হাতে-লোটে আটক আবকাৰী বিষয়া

বৃহস্পতিবাৰে তিনিচুকীয়াত উৎকোচ লোৱাৰ সময়ত হাতে-লোটে ধৰা পৰে আবকাৰী অধীক্ষক মানস জ্যোতি দাস ৷ আবকাৰী অধীক্ষকগৰাকীৰ কক্ষতে দাসক মাৰাথন জেৰা চলাই দুৰ্নীতি নিবাৰক শাখাই ৷

শোণিতপুৰত উপস্থিত 18 পৰা 44 বৰ্ষৰ লোকক প্ৰদান কৰা ক’ভিড প্ৰতিষেধক

ৰাজ্যৰ ছয় খন জিলাৰ বাবে 24 হাজাৰ নতুন ক’ভেক্সিন ৷ শোণিতপুৰ জিলাত ৭ মে'ৰ পৰা আৰম্ভ হ’ব 18 বছৰৰ পৰা 44 বৰ্ষৰ লোকৰ বাবে প্ৰদান কৰিবলগীয়া ক’ভিড-19ৰ প্ৰতিষেধক ৷

শপত গ্ৰহণৰ বাবে সাজু ৰাজভৱন: অনিশ্চয়তাত শপত লওতাৰ নাম

ৰাজ্যৰ ৰাজনীতিত অব্যাহত আছে মুখ্যমন্ত্ৰীকেন্দ্ৰীক চৰ্চা ৷ মুখ্যমন্ত্ৰী পদৰ শপত গ্ৰহণৰ বাবে ইতিমধ্যে সাজু হৈছে ৰাজভৱন ৷ কিন্তু এতিয়াও নিশ্চিত হোৱা নাই, প্ৰকৃতাৰ্থত কোনে অলংকৃত কৰিব আগন্তুক পাঁচ বছৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ আসন ৷

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মাতংগ সিঙৰ দেহাৱসান

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মাতংগ সিঙৰ শেষ নিশ্বাস ত্যাগ ৷ প্ৰাপ্ত তথ্য অনুসৰি, ক'ভিড-19 ত আক্ৰান্ত হৈ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গৰীকয়ে মৃত্যুক আঁকোৱালি লয় ৷

ৰঙাপৰাত ডাকঘৰৰ কৰ্মচাৰী আক্ৰান্ত ক'ভিডত

ৰঙাপৰাত ডাকঘৰৰ এগৰাকী কৰ্মচাৰী ক'ভিডত আক্ৰান্ত ৷ বন্ধ হ’ল ডাকঘৰৰ নিয়মীয়া কাম-কাজ ৷

আই পি এলৰ জুৱাই কাল হ’ল নেকি মহিলাৰ ?

ৰূপহীহাটত ৰহস্যজনকভাৱে উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ ৷ পৰিয়ালৰ লোকে হত্যা কৰাৰ সন্দেহ মহিলাগৰাকীৰ পৰিয়াল বৰ্গৰ ৷ আই পি এল জুৱাৰ বাবেই মহিলাগৰাকীক হত্য়া কৰাৰ সন্দেহ ৷

শোণিতপুৰত পুনৰ ভূঁইকম্পৰ জোকাৰণি

শোণিতপুৰত পুনৰ ভূঁইকম্পৰ জোকাৰণি

কৰ'ণাত আক্ৰান্ত আশাৰাম বাপু আইচিইউত চিকিৎসাধীন

যোধপুৰ কেন্দ্ৰীয় কাৰাগাৰত আজীৱন কাৰাদণ্ডৰে দণ্ডিত আশাৰাম বাপু মহামাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত । আক্ৰান্ত হোৱাৰ পাচত যোধপুৰৰ এমডিএম চিকিৎসালয়ৰ জৰুৰীকালীন ৱাৰ্ডলৈ স্থানান্তৰিত কৰা হয় ।

মেৰাপানীত 13 খনকৈ অবৈধ শিল ভৰ্তি ডাম্পাৰ জব্দ

বৃহস্পতিবাৰে গোলাঘাটৰ মেৰাপানীত জব্দ 13 খনকৈ অবৈধ শিল ভৰ্তি ড্ৰাম্পাৰ ৷ নথি-পত্ৰ জালিয়াতিৰে সৰুপানীৰ পৰা শিল কঢ়িয়াই আনিছিল ডাম্পাৰ কেইখনে ৷

ABOUT THE AUTHOR

...view details