অসম

assam

ETV Bharat / state

বিয়লি তিনি বজাৰ শীৰ্ষ দহ বাতৰি...

বিয়লি তিনি বজাৰ শীৰ্ষ দহ বাতৰি...

বিয়লি তিনি বজাৰ শীৰ্ষ দহ বাতৰি...
বিয়লি তিনি বজাৰ শীৰ্ষ দহ বাতৰি...

By

Published : Mar 20, 2021, 3:08 PM IST

ৰাজ্যত অব্যাহত আছে পোষ্টেল বেলটৰ প্ৰক্ৰিয়া

পোষ্টেল বেলট প্ৰক্ৰিয়াত এইবাৰ বিশেষভাৱে সক্ষম, ৮০ বছৰৰ ঊৰ্দ্ধৰ আৰু কৰ’ণাত আক্ৰান্ত লোকক সামৰি লোৱা হৈছে । অসমত ৮০ ঊৰ্দ্ধৰ ২,৮৯,৪৭৩ গৰাকী আৰু বিশেষভাৱে সক্ষম ১,৩৮,১৫৯ গৰাকী ভোটাৰ আছে ।

ৰহাত আছুৰ "কা" বিৰোধী বাইক ৰেলী

অসমৰ ভিন্ন প্ৰান্তৰ লগতে নগাঁৱৰ ৰহাতো আছুৰ উদ্যোগত প্ৰতিবাদী বাইক ৰেলী । 'কা' বাতিলৰ দাবীত ৰহাৰ ভিন্ন স্থানত আছু কৰ্মীৰ ক্ষোভ ।

বোকাজানত মৰণাস্ত্ৰসহ আটক এজন

অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৱৰ্তী এলেকাত বোকাজান মহকুমা আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা অস্ত্ৰ-শস্ত্ৰসহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় । আটকাধীন যুৱকজন মণিপুৰ ইম্ফলৰ কানচিপুৰৰ বাসিন্দা খুপচেই ছিংচনৰ পুত্ৰ লেনথাং ছিংচন(৩৯) বুলি চিনাক্ত কৰা হৈছে ৷


ঢোলৰ মাতত গুম-গুমাইছে চৌকিদিঙীৰ আকাশ-বতাহ

ডিব্ৰুগড়ৰ বিহু শিল্পী সংস্থা অসম নামৰ সংগঠনটোৱে ডিব্ৰুগড় সাহিত্য সভা প্ৰাংগণত বিহু নাচ, ঢোল বাদনৰ প্ৰশিক্ষণ, পেপাঁ বাদনৰ প্ৰশিক্ষণ আদি অনুষ্ঠিত কৰিছে । ঢোল-পেপাৰ মাতত ৰজনজনাই উঠিছে চৌকিডিঙী প্ৰাংগণ ।

প্ৰধানমন্ত্ৰীৰ চাবুৱা ভ্ৰমণৰ প্ৰাকমূৰ্হুতত আছুৰ প্ৰতিবাদ

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চাবুৱা আগমনৰ প্ৰাকমুহূৰ্তত চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ কা আমি নামনো, বিজেপি চৰকাৰ গ' বেক আদি ধ্বনিৰে উত্তাল কৰি তোলে চাবুৱাৰ ৰাজপথ ৷ আছু কৰ্মীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটাক্ষ কৰি কয় যে,মোডীয়ে নিজৰ ভাষণত উল্লেখ কৰা কোনো এটা প্ৰতিশ্ৰুতিয়েই পূৰণ নকৰিলে ৷ আগন্তুক নিৰ্বাচনত বিজেপি চৰকাৰৰ মিথ্যাচাৰৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলিও সকিয়নী দিয়ে কৰ্মীসকলে ৷

কৰিমগঞ্জত বৃহৎ পৰিমানৰ ড্ৰাগচ জব্দ

কৰিমগঞ্জৰ চূড়াইবাড়িত আৰক্ষী আৰু ষ্টেটিক চাৰ্ভিলেঞ্চ টিমৰ তালাচী ৷ যাত্ৰীবাহী এলট্ৰ গাড়ীৰ পৰা জব্দ হয় দহ হেজাৰ ইয়াবা টেবলেট ৷ টেবলেটখিনিৰ বজাৰ মূল্য ৫০ লাখ টকা ৷ অসমৰ পৰা ত্ৰিপুৰা হৈ বাংলাদেশলৈ সৰবৰাহৰ কথা আছিল ড্ৰাগছ খিনি ৷

ঘোঁৰাত উঠি মনোনয়ন দাখিল জনীয়াৰ নিৰ্দলীয় প্ৰাৰ্থীৰ

শুকুৰবাৰে জনীয়াত দেখা পোৱা গ'ল এক আজৱ দৃশ্য ৷ ঘোঁৰাৰ পিঠিত উঠি মনোনয়ন পত্ৰ দাখিল কৰিলে ইনুমনি বেগম নামৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে। জানিব পৰা মতে,জনীয়া সমষ্টিৰ অন্তৰ্গত বালাৰপাথাৰ গাঁৱৰ নুৰ আলমৰ পত্নী ইনুমনি বেগমে বিজেপি দলৰ পৰা টিকট প্ৰত্যাশী আছিল কিন্তু বিজেপিৰ টিকটৰ পৰা বঞ্চিত হ'বলগা হয় ইনুমনি বেগম ৷ যাৰ পৰিপ্ৰেক্ষিতত নিজ গাঁৱৰ পৰা ঘোঁৰাৰ পিঠিত উঠি বৰপেটা জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে ইনুমনিয়ে ।

এগৰাকী বিশেষ ভাবে সক্ষম যুৱকৰ ঘৰত লুৰিণজ্যোতি

ৰাজ্যত নিৰ্বাচনী ব্যস্ততাৰ মাজতেই বৃহস্পতিবাৰে নিশা নাহৰকটীয়াৰ চাচনীৰ শুকানী গাঁৱৰ এগৰাকী বিশেষভাৱে সক্ষম যুৱকৰ ঘৰত উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ৷ বিশেষ ভাবে সক্ষম যুৱক যুগ গগৈৰ ঘৰত নিশা আহাৰো গ্ৰহণ কৰে অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে ৷


চৰাইদেউৰ বৰহাটত ব্ৰাউন চুগাৰ জব্দ

চৰাইদেউ জিলাৰ চৰাইদেউৰ বৰহাটত জব্দ কৰা হৈছে ব্ৰাউন চুগাৰ । বৰহাটৰ টিয়কীয়া গাঁৱৰ পৰা এখন বাইকত দুজন যুৱকে ব্ৰাউন চুগাৰখিনি আনি থকা অৱস্থাত ডাঙৰী কুমাৰস্থিত আসাম ৰাইফলছে বৰহাটৰ চুমদাৰত মটৰ চাইকেল সহ আটক কৰে এজন যুৱকক ।


যোগ সাধনাৰে নিদ্ৰাহীনতা দূৰ কৰক

যোগ সাধনা অনুযায়ী টোপনি হ’ল নিজকে আৰোগ্য কৰি ৰাখিবৰ বাবে এনে এক প্ৰাকৃতিক ধ্যান, যাক আমাৰ এই গ্ৰহটোৰ প্ৰতিটো জীৱই প্ৰত্যেক নিশাই পালন কৰে নাইবা কৰা উচিত ৷ “বডী ক্লক”টো এনেকৈ বিকশিত হৈছে যে ইয়াক আমাৰ শৰীৰটোৰ ক্ৰীয়া কলাপবোৰ সুকলমে চলাই নিবৰ বাবে তথা পুনৰুজ্জীৱিত কৰি তুলিবলৈ পৰ্যাপ্ত পৰিমাণৰ ‘নিদ্ৰা সময়’ তথা গুণগত নিদ্ৰাৰো প্ৰয়োজন হয় ৷

ABOUT THE AUTHOR

...view details