অসম

assam

ETV Bharat / state

তিনি বজাৰ শীৰ্ষ দহটা বাতৰি.. - top 10

তিনি বজাৰ শীৰ্ষ দহটা বাতৰি..

top 10 at 3 pm
তিনি বজাৰ শীৰ্ষ দহটা বাতৰি

By

Published : Dec 28, 2020, 3:01 PM IST

আজিৰে পৰা শোণিতপুৰত কৰ’ণা প্রতিষেধকৰ সম্পৰীক্ষা আৰম্ভ

সমগ্ৰ দেশৰ চাৰিখন ৰাজ্যৰ ভিতৰত অসমতো সোমবাৰৰ পৰা কোভিড ১৯ ৰ প্রতিষেধকৰ সম্পৰীক্ষা আৰম্ভ কৰা হৈছে ৷ ৰাজ্যৰ মাত্ৰ দুখন জিলা এই সম্পৰীক্ষা অৰ্থাৎ ড্ৰাই ৰাণৰ বাবে নিৰ্বাচন কৰা হৈছে ৷ সেই অনুসৰি,সোমবাৰ আৰু মঙলবাৰে শোণিতপুৰ আৰু নলবাৰী জিলাত এই পৰীক্ষণমূলক কাৰ্য সম্পন্ন কৰা হ’ব ৷

শিৱসাগৰত দুই বন্যহস্তীক হত্যাৰ কৰি গ্ৰেপ্তাৰ ছয়

দুই বন্যহস্তীক বিদ্যুৎস্পৃষ্ট কৰি হত্যাৰ কৰাৰ বাবে শিৱসাগৰত গ্ৰেপ্তাৰ ছয়জন লোক ৷ আটাইকেইজনক শিৱসাগৰৰ সত্ৰ ন্যায়াধীশৰ সন্মুখত হাজিৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় ৷

মাজুলীৰ দীপ্তিৰ কণ্ঠত আৰ্কষিত অসমবাসী

বোকাত পদুম ফুলে- এই কথাষাৰ আখৰে আখৰে প্ৰতিপন্ন হৈছে মাজুলীৰ দীপ্তিৰ ক্ষেত্ৰত ৷ সংগীতৰ কোনো আনুষ্ঠানিক শিক্ষা নথকা কণমানিগৰাকীৰ কণ্ঠৰ যাদুৱে মোহিত কৰিছে প্ৰতিগৰাকী শ্ৰোতাক ৷

বন বিভাগৰ অভিযানত জব্দ লক্ষাধিক মূল্যৰ বালি

বালি ছিণ্ডিকেটৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ হাইলাকান্দিৰ বন বিভাগৰ ৷ বিভাগটোৱে অভিযান চলাই জব্দ কৰে লক্ষাধিক মূল্যৰ বালিৰ লগতে বালি কঢ়িওৱা এটা যন্ত্ৰ ৷

লণ্ডনৰ পৰা গোলাঘাটলৈ অহা দম্পতিৰ শৰীৰত ক'ভিড-19ৰ অৱস্থিতি

পুনৰ ক'ৰণাৰ আতংকত আতংকিত গোলাঘাটবাসী ৷ লণ্ডনৰ পৰা গোলাঘাটৰ পিতৃ গৃহলৈ অহা দম্পতিৰ শৰীৰত ক'ৰণাৰ অৱস্থিতি ৷ তৎপৰ হৈছে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগ ৷

আজি অসমকে ধৰি চাৰি ৰাজ্যত পৰীক্ষণমূলক ক'ভিড প্ৰতিষেধক অভিযান

28 আৰু 29 ডিচেম্বৰত অসম, পাঞ্জাৱ, অন্ধ্ৰ প্ৰদেশ আৰু গুজৰাটত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে পৰীক্ষণমূলক ক'ভিড প্ৰতিষেধক অভিযান ৷ ক'ভিড-19 প্ৰতিষেধক অভিযানৰ সম্পূৰ্ণ প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিবৰ বাবে আয়োজন কৰা হৈছে এই পৰীক্ষণৰ ৷

নসত্ৰ কৃষ্ণ গুৰু সেৱাশ্ৰমত বিটিচিৰ নৱ নিৰ্বাচিত চীফ প্ৰমোদ বড়ো

বৰপেটাৰ নসত্ৰ কৃষ্ণ গুৰু সেৱাশ্ৰমত উপস্থিত প্ৰমোদ বড়ো । গুৰু প্ৰেমানন্দ প্ৰভুৰ আশীষ ল'লে বিটিচিৰ নৱ নিৰ্বাচিত চীফগৰাকীয়ে ।

প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিলে দেশৰ প্ৰথমটো চালকবিহীন ৰে’ল প্ৰকল্প

সোমবাৰে এক ভিডিঅ’ কনফাৰেঞ্চযোগে ভাৰতবৰ্ষৰ প্ৰথমটো চালকবিহীন ৰে’ল প্ৰকল্পৰ উন্মোচন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷

ফিৰোজশ্বাহ কোটলা ষ্টেডিয়ামত অৰুণ জে'টলীৰ প্ৰতিমূৰ্তি উন্মোচন কৰে গৃহ মন্ত্ৰী অমিত শ্বাহে

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে সোমবাৰে ফিৰোজশ্বাহ কোটলা ষ্টেডিয়ামত প্ৰয়াত মন্ত্ৰী অৰুণ জে'টলীৰ এটি প্ৰতিমূৰ্তি উন্মোচন কৰে ৷ অৰুণ জে'টলীৰ 68 তম জন্মবাৰ্ষিকী অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰতিমূৰ্তিটো উন্মোচন কৰাৰ লগতে মন্ত্ৰী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

অমিত শ্বাহৰে সাক্ষাতৰ জল্পনা-কল্পনাক নাকচ সৌৰভ গাংগুলীৰ

দেওবাৰে পশ্চিমবংগৰ ৰাজ্যপাল জগদ্বীপ ধনকাৰে গাংগুলীক সাক্ষাৎ কৰি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰিছিল ৷ ইয়াৰ পিছতেই এইটো উৰাবাতৰি ওলাইছিল যে,বিচিচিআইৰ সভাপতি গৰাকীয়ে দিল্লীলৈ গৈ অমিত শ্বাহক সাক্ষাৎ কৰিব ৷

ABOUT THE AUTHOR

...view details