অসম

assam

ETV Bharat / state

দহ বজাৰ শীৰ্ষ বাতৰি সমূহ.... - দহ বজাৰ শীৰ্ষ বাতৰি সমূহ

দহ বজাৰ শীৰ্ষ বাতৰি সমূহ.....

দহ বজাৰ শীৰ্ষ বাতৰি সমূহ
দহ বজাৰ শীৰ্ষ বাতৰি সমূহ

By

Published : May 31, 2020, 1:20 PM IST

Updated : May 31, 2020, 9:35 PM IST

ব্যতিক্ৰমী প্ৰয়াস কৰা দেখিবলৈ পোৱা গৈছে অসমৰ তিনিগৰাকী উদীয়মান যুৱকে ৷ পৃথিৱীৰ ন-পুৰণি কালজয়ী চিঠি, লেখনি, ভাষণ, উপন্যাস, কবিতা, জীৱনী ইত্যাদি অসমীয়ালৈ অনুবাদ কৰা আৰম্ভ কৰিছে 'TranslatorS'নামৰ এক বিশেষ ৱেবচাইটযোগে ৷ উদীয়মান যুৱক অৰুণাভ দেবেন্দ্ৰ নাথ কোঁৱৰ, নিকু দুৱৰা আৰু কোকিল শইকীয়াই প্ৰস্তুত কৰি উলিয়াইছে এই বিশেষ ৱেবচাইট ৷

মৰিয়নীত সংঘটিত হোৱা গণ প্ৰহাৰ তথা হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য ৷ ক্ৰমাগতভাৱে ৰাজ্যখনত সংঘটিত হোৱা গণ প্ৰহাৰৰ ঘটনা তথা মৰিয়নীত সংঘটিত হোৱা 23 বছৰীয়া চফল যুৱক দেৱাশীষৰ হত্যাকাণ্ডই হতবাক কৰি তুলিছে ৰাজ্যৰ সচেতন মহলক ৷ মানৱ জাতিক লজ্জানত কৰা এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰা হত্যাকাৰীক কৰায়ত্ত কৰি উচিত শাস্তি বিহাৰ দাবীত দেওবাৰে ৰাজপথ কপাঁলে আছুসহ বিভিন্ন দল-সংগঠনে ৷

ৰাজ্যৰ 7 খন জিলাত আগ বাৰিষাৰ বানে ক্ৰমাৎ ভয়ংকৰ ৰূপ ল'বলৈ আৰম্ভ কৰিছে । বাৰিষালৈ এতিয়াও মাজত প্ৰায় ডেৰমাহ বাকী যদিও, আগতীয়াকৈ অহা বানে ইতিমধ্যে যি সংহাৰী ৰূপ ধাৰণ কৰিছে তালৈ লক্ষ্য কৰিলে এইবাৰৰ বাৰিষাৰ বানে যে ক'ৰণা সন্ত্ৰাসৰ মাজতে ৰুদ্ৰমূৰ্তি ল'ব পাৰে সেই আশংকা ঘনীভূত হৈ পৰিছে ।

সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমতো বিশেষভাৱে সমালোচিত হৈ থকা খাদৰ পৰা নিৰ্গত হোৱা তেল, গেছৰ ফলত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে মাগুৰি মতাপুং বিলৰ জৈৱ বৈচিত্ৰত প্ৰভাৱ পৰাৰ লগতে শিহুৰ মৃত্যু হোৱা সম্পৰ্কত সাংবাদিকে প্ৰশ্ন কৰাত কৰ্তৃপক্ষই গা এৰা দিয়াহে পৰিলক্ষিত হয় ৷ তৈলখাদৰ পৰা নিৰ্গত তেল, গেছৰ ফলত ৰাষ্ট্ৰীয় উদ্যানৰ লগতে মাগুৰি মতাপুং বিলৰ জৈৱ বৈচিত্ৰত কোনো প্ৰভাৱ নপৰে বুলি উল্লেখ কৰি মাগুৰি মতাপুং বিলৰ শিহু অন্য কাৰণত মৃত্যু হোৱা বুলিহে মন্তব্য কৰে অইল কৰ্তৃপক্ষই ।

দেওবাৰে ওদালগুৰিত COVID-19 সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োই ৷ সংবাদমেলত এবছুৰ সভাপতি জনে COVID-19 স্বেচ্ছাসেৱকৰ দল গঠন কৰাৰ কথা জানিবলৈ দিয়ে । সংগঠটোৰ ১৫০০- ২০০০ কৰ্মীয়ে COVID-19ৰ স্বেচ্ছাসেৱক হিচাপে সেৱা আগবঢ়াব বুলি সংবাদমেল যোগে সদৰী কৰে ৷ COVID-19 স্বেচ্ছাসেৱক হিচাপে স্বাস্থ্য বিভাগ, আৰক্ষী, জিলা প্ৰশাসনক সহায় কৰিব এবছুৰ COVID-19 স্বেচ্ছাসেৱকসকলে ৷ তেওঁলোকক প্ৰশিক্ষণ দিবলৈ জিলা প্ৰশাসনৰ লগত আলোচনা কৰিব এবছুয়ে ৷

দেওবাৰে অসম সংগ্ৰামী মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টাৰূপে দায়িত্ব গ্ৰহণ কৰে চন্দ্ৰ কান্ত দাসে । প্ৰাক্তন আই এ এছ বিষয়াৰ উপৰিও বিশিষ্ট সমাজ সচেতকৰূপে পৰিচিত চন্দ্ৰ কান্ত দাসে আঞ্চলিক ৰাজনীতিক শক্তিশালী কৰাৰ বাবেই সংগঠনটোত যোগদান কৰে বুলি জানিবলৈ দিয়ে ।

১৯২৫ চনত ধুবুৰী চহৰৰ এ.এম কোঃ ৰোডত স্থাপন কৰা হৈছিল ব্ৰিটিছৰ দিনৰে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ব বৃহৎ জুইশলাৰ কাৰখানাটো ৷ কিন্তু ১৯৯৩ চনত গছ কটাৰ ক্ষেত্ৰত দেশৰ উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা এক ৰায়ৰ পিচতেই বন্ধ হৈ পৰে এই কাৰখানা ৷

সমগ্ৰ বিশ্ব মহামাৰী কৰ'ণা ভাইৰাছৰ সৈতে মোকাবিলা কৰি থকাৰ সময়তে ৰাজস্থানৰ পালিত ৭ মহীয়া গৰ্ভৱতী মহকুমা দণ্ডাধীশ সুমিত্ৰা পাৰীক সকলোৰে বাবে এক আদৰ্শস্বৰূপ হৈ পৰিছে । ৭ মহীয়া গৰ্ভৱতী অৱস্থাতো নিজৰ স্বাস্থ্যক আওকাণ কৰি পালিৰ লোকসকলৰ সহায়ৰ অৰ্থে আগবাঢ়ি আহে মহকুমা দণ্ডাধীশগৰাকীয়ে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শৈশৱ কালৰ ফটো আৰু কৰ্মৰাজীক লৈ আকৰ্ষিত হৈ এগৰাকী প্ৰাক্তন ন্যায়াধীশে মুকলি কৰিলে প্ৰধানমন্ত্ৰীৰ আত্মজীৱনীমূলক গ্ৰন্থ । ভাৰতৰ প্ৰাক্তন ন্যায়াধীশ তথা ৰাষ্ট্ৰীয় মানৱ সেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ কে. জি বালাকৃষ্ণণে মুকলি কৰিলে নৰেন্দ্ৰ মোডীৰ জীৱনভিত্তিক গ্ৰন্থ 'Narendra Modi Harbinger of Prosperity & Apostle of World Peace' । প্ৰধানমন্ত্ৰীৰূপে ৬ টা বছৰ সম্পূৰ্ণ হোৱাৰ ক্ষণতে এই আত্মজীৱনীখন মুকলি কৰে প্ৰাক্তন ন্যায়াধীশগৰাকীয়ে ।

SpaceX কোম্পানীৰ দ্বাৰা নিৰ্মিত এটি ৰকেট শনিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ২ গৰাকী মহাকাশচাৰীৰ সৈতে ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেশ্যনলৈ ৰাওনা হয় । নাছাৰ মহাকাশচাৰীৰ ডগ হৰ্ল আৰু বব বেহেনকেনৰ সৈতে যাত্ৰা কৰা ৰকেটটো সফলতাৰে পৃথিৱীৰ পৰা গৈ পাইছে বুলি জানিবলৈ দিয়ে আমেৰিকাই ।

Last Updated : May 31, 2020, 9:35 PM IST

ABOUT THE AUTHOR

...view details