আজি পাৰ্বতী প্ৰসাদ বৰুৱাৰ 57 তম মৃত্যুতিথি
শিৱসাগৰৰ দিখৌপাৰত ১৯০৪ চনৰ ১৯ আগষ্টত জন্মগ্ৰহণ কৰা পাৰ্বতী প্ৰসাদ বৰুৱাই জীৱনৰ বেছিভাগ সময় সোণাৰিৰ সোণালীপাম নামৰ গৃহত অতিবাহিত কৰিছিল ৷ এই সোণালী পামৰ নিগাজী ঘৰত বহিয়েই শিল্পী গৰাকীয়ে ৰচনা কৰিছিল বহু গীত আৰু কবিতা ৷ অসমীয়া সাহিত্যলৈ উল্লেখনীয় অৱদান আগবঢ়োৱা এই গৰাকীৰ শিল্পীৰ মৃত্যু হৈছিল ১৯৬৪ চনৰ আজিৰ দিনটোতে ৷
ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য
দেশত অব্যাহত আছে কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৰ সংহাৰ ৷ কৰ’ণাৰ ভয়াৱহতাৰ ফলত দেশৰ কেবাখনো ৰাজ্যত লকডাউন ঘোষণা কৰাৰ লগতে বহু ৰাজ্যত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন ৷ আহক চাওঁ দেশত ক‘ভিডত আক্ৰান্ত, মৃত্যু আৰু আৰোগ্য হোৱা লোকৰ শেহতীয়া তথ্য...
গহপুৰত নাঙল-যুঁৱলি লৈ অভিনৱ প্ৰতিবাদ ৰাইজৰ
গহপুৰ বাকৰিদলনী-কাৱৈমাৰী সংযোগী পথচোৱাৰ দুৰৱস্থাত অতিষ্ঠ হৈ পৰিছে ৰাইজ ৷ পথটোৰ মেৰামতিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিলে কাৱৈমাৰী অঞ্চলৰ ৰাইজে । একাঁঠু বোকাত খোজকাঢ়ি পাৰ হোৱাটো এতিয়া অসম্ভৱ হৈ পৰিছে । বিশেষকৈ উক্ত পথটিৰে ইটাভাটালৈ দৈনিক ডাম্পাৰ, ট্ৰেক্টৰ আদিৰ অধিক চলাচল হয় । যাৰ ফলত অতি শোচনীয় হৈ পৰিছে কাৱৈমাৰী অঞ্চলৰ পথটি ।
Etv Bharat ৰ বাতৰিৰ প্ৰভাৱ: জকাইত বৃদ্ধ দম্পতীক আগবঢ়ালে সহায়
জকাই বৰবিলৰ বৃদ্ধ দম্পতীৰ দুৰ্বিসহ জীৱন কাহিনী Etv Bharat ত প্ৰচাৰ হোৱাৰ পাচতে সহায়ৰ বাবে আগবাঢ়ি আহে ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ লগতে মৰাণ-সোণোৱাল কছাৰী উন্নয়ন সমিতি আৰু স্থানীয় সমাজকৰ্মী মোহন সোণোৱাল । বৃদ্ধ দম্পতীটোৰ উৰুখা পঁজাটি মেৰামতি কৰিবৰ বাবে দায়িত্ব গ্ৰহণ কৰিছে ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চই ৷
শিলচৰত চিকিৎসকৰ ভুলৰ বাবে প্ৰাণ গ'ল নৱজাতকৰ
শিলচৰ মেডিকেল কলেজত ভয়ংকৰ ঘটনা ৷ মেডিকেল কলেজখনৰ একাংশ চিকিৎসকৰ বাবে প্ৰাণ গ'ল 56 দিনীয়া এটি নৱজাতকৰ ৷ নৱজাতকটিৰ পিতৃ-মাতৃক আক্ৰমণ কৰাৰো অভিযোগ উত্থাপন হৈছে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত দাখিল কৰা হৈছে এজাহাৰ ৷