অসম

assam

ETV Bharat / state

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ - TOP 10 at 1 PM

1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

TOP 10 at 1 PM
1 বজাৰ দহটা গুৰুত্বপূৰ্ণ খবৰ

By

Published : Feb 13, 2021, 1:05 PM IST

নতুন ভৱনত বিধানসভা অধিৱেশনৰ অন্তিম দিন

অসম বিধানসভাৰ নৱনিৰ্মিত ভৱনত অনুষ্ঠিত হোৱা বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ অন্তিম বিধানসভা অধিৱেশনৰ আজি অন্তিম দিন । সদনত আজি মূলতঃ ৰাজ্যপালৰ ভাষণৰ ওপৰতে বিতৰ্ক অনুষ্ঠিত হয় ।

নগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড: জাহ গ’ল 15 টা বাসগৃহ

বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ ৷ একাংশই ৰেল লাইনৰ দাঁতিত দীৰ্ঘদিনৰ পৰা বসবাস কৰি থকা লোক সকলৰ ঘৰত নিশা দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ সন্দেহ কৰিছে ৷ আন একাংশই আকৌ বৈদ্যুতিক বিজুতিৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ আশংকা কৰিছে ৷

গোৱালপাৰাত ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ !

গোৱালপাৰা জিলাৰ ভাৰত স্বাধীনতাৰ দিনৰে এখন গাঁও । গাঁৱবাসীয়ে আজিও দেখা নাই উন্নয়নৰ মুখ । গাঁৱবাসীয়ে চিনি নাপায় বিধায়কক ।

ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰৰ ন্যাসত জমা ১,৫১১ কোটি টকা

২০২০ চনৰ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ তত্বাৱধানৰ বাবে ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰৰ ন্যাস গঠনৰ কথা ঘোষণা কৰে । একেটা বৰ্ষৰ ৫ আগষ্টত প্ৰধানমন্ত্ৰী মোডীয়ে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ভূমি পূজন কৰে ।

লক্ষ্য 21 ৰ নিৰ্বাচন: শিৱসাগৰত অসম বচাওঁ আহক কাৰ্যসূচী

অসম বচাওঁ আহক কাৰ্যসূচীৰে শিৱসাগৰত নিৰ্বাচনী ৰণডংকা বজালে কংগ্ৰেছে ৷ শুকুৰবাৰে শিৱসাগৰত উপস্থিত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ৷ দেৱব্ৰত শইকীয়াই নেতৃত্ব দিব শিৱসাগৰৰ পৰা আৰম্ভ হোৱা এই অভিযানক ৷

যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড

শ্ব’ৰ্ট চাৰ্কিটৰ ফলত যোৰহাটত এক অগ্নিকাণ্ড সংঘটিত হয় ৷ অগ্নিকাণ্ডটোৰ ফলত এটা চিলিণ্ডাৰ বিস্ফোৰিত হয় ৷

আজিৰে পৰা পুনৰ মুকলি মোগল গাৰ্ডেন

১৩ ফেব্ৰুৱাৰী অৰ্থাৎ শনিবাৰৰ পৰা জনতাৰ বাবে মুকলি কৰা হৈছে মোগল গাৰ্ডেন । নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ পৰিসৰৰ ভিতৰত থকা ১৫ একৰ ভূমিত অৱস্থিত এই মোগল গাৰ্ডেন ৷

শদিয়া সমষ্টিৰ উন্নয়নৰ জীয়া ছবি পৰিস্ফুট...

প্ৰতি বছৰে ব্ৰহ্মপুত্ৰ নদীৰ বান-খহনীয়াই সৰ্বস্বান্ত কৰা এই অঞ্চলটোৰ লগতে স্থানীয় লোকসকলৰ উন্নয়নৰ বাবে চৰকাৰ তথা স্থানীয় জন প্ৰতিনিধিয়ে কোনো ধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

পুনৰ অশান্ত অসম-মিজোৰাম সীমান্ত

পুনৰ উত্তপ্ত অসম-মিজোৰাম সীমান্ত ৷ পথ নিৰ্মাণক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ ৷

শিক্ষকবিহীন ধুবুৰীৰ এখন প্ৰাথমিক বিদ্যালয়

ধুবুৰী জিলাৰ আগমনি শিক্ষাখণ্ডৰ অন্তৰ্গত তথা ২৫ নং গোলোকগঞ্জ বিধানসভা সমষ্টিৰ অন্তৰ্গত মধ্যকাচখানা গাঁৱত স্থাপিত মধ্যকাচখানা নীলময়ী প্ৰাথমিক বিদ্যালয়ত নাই শিক্ষক ৷ যাৰ বাবে হাতত ফলি-কিতাপ লৈ ৰাজপথলৈ আহি অসম চৰকাৰ আৰু ৰাজ্যৰ শিক্ষা বিভাগৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে অভিভাৱক তথা শিক্ষাৰ্থীসকল ৷

ABOUT THE AUTHOR

...view details