অসম

assam

By

Published : Sep 8, 2020, 1:02 PM IST

Updated : Sep 8, 2020, 3:24 PM IST

ETV Bharat / state

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি

দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি

Top 10 at 1 pm
দুপৰীয়া 1 বজাৰ শীৰ্ষ দহটা বাতৰি

আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ 94 সংখ্যক জন্মদিন

আজি সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ 94 সংখ্যক জন্মদিন ৷ ওপজা দিন উপলক্ষে আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে সুধাগৰাকীৰ সোঁৱৰণত বিভিন্ন কাৰ্যসূচী ৷

ৰাজ্যৰ চিকিৎসালয়ত নাটনি ঘটিছে ৰোগীৰ আসনৰ

দ্ৰুত গতিৰে ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত চিকিৎসালয় সমূহত আসনৰ সংখ্যা হ্ৰাস পোৱা পৰিলক্ষিত হৈছে । অধিক সংখ্যক ব্যক্তিগত খণ্ডৰ চিকিৎসালয়তে নাই ৰোগী ৰাখিবৰ বাবে আসন । গুৱাহাটীৰ আগশাৰীৰ এখন চিকিৎসালয় হায়াট হাস্পতালটো নাইকিয়া হৈছে ৰোগীৰ বাবে আসনৰ ব্যৱস্থা ।

মুক্তি পালে নিৰ্বাচনক লৈ এটা বিশেষ গীত

একাংশ নেতাৰ কৰ্ম-কাণ্ড উদঙাই সংগীতৰ লগত জড়িত কেইজনমান যুৱকে নিৰ্মাণ কৰিলে 'আকৌ নিৰ্বাচন আহি পালে' শীৰ্ষক এটি ব্যতিক্ৰমী গীতৰ ভিডিঅ’।

অৰুনাচল প্ৰদেশত চিয়াং নৈয়ে সৃষ্টি কৰিছে ব্যাপক গৰাখহনীয়া

অৰুনাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ মেৱ অঞ্চলত চিয়াং নৈয়ে সৃষ্টি কৰিছে ব্যাপক গৰাখহনীয়া ৷ ইতিমধ্যে জিলাখনৰ নামচিং, কোংকুল, চেৰেণ, বৰঘূলিকে ধৰি প্ৰায় ১০ খনৰো অধিক গাঁৱৰ দুই হেজাৰ হেক্টৰ কৃষি ভূমি জাহ গৈছে চিয়াং নৈৰ বুকুত ।

সুধাকণ্ঠৰ ওপজা দিনটোতে নয়ন অসমৰ তিনিটিকৈ গীত মুকলি

সুধাকণ্ঠৰ ওপজা দিনটোতে তিনিটিকৈ চুটিগীত মুকলি কৰিলে শিল্পী নয়ন অসম কলিয়াবৰীয়াই ৷ কৰৱী কুসুম মিউজিক ক্ৰিয়েছনৰ বেনাৰত প্ৰস্তুত কৰা তিনিওটা চুটিগীতৰ সংগীত প্ৰাঞ্জল বৰাৰ আৰু কথা-সুৰৰ লগতে কণ্ঠদান কৰিছে নয়ন অসম কলিয়াবৰীয়াই ৷

তেলচুৰি চক্ৰৰে জড়িত আৰু এজন আটক হ’ল গোলাঘাটত

দেওবাৰে গোলাঘাটৰ তেলচুৰি চক্ৰৰে জড়িত আৰু এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে গোলাঘাট আৰক্ষী ৷ বৰ্তমানলৈকে চক্ৰটোৰ 6 জন সদস্যক আটক কৰা হৈছে যদিও পলাতক হৈ আছে মুল অভিযুক্ত বিজিত বৰা ৷

স্থানীয় বিধায়কৰ একক প্ৰচেষ্টাত মঙলদৈত পাঠ্যপুথি বিতৰণ

আৰ্থিকভাৱে দুৰ্বল মেধাৱী ছাত্ৰ-ছাত্ৰীক মঙলদৈৰ স্থানীয় বিধায়কৰ একক প্ৰচেষ্টাত পাঠ্যপুথি বিতৰণ ৷ পাঠ্যপুথি বিতৰণৰ অনুষ্ঠানত উপস্থিত থাকে স্থানীয় কেইবাগৰাকীয়ো বিশিষ্ট ব্যক্তি ৷

যাত্ৰা দলৰ শিল্পী তথা কলা-কুশলীক খাদ্য সামগ্ৰী প্ৰদান বিধায়ক ৰেকিবুদ্দিনৰ

কৰ’ণা মহামাৰীৰ বাবে ক্ষতিৰ সন্মুখীন হোৱা যাত্ৰা দলৰ শিল্পী আৰু কলা-কুশলীক সাহায্য প্ৰদান ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ৷ ৩১ গৰাকীকৈ শিল্পী আৰু কলা-কুশলীক বিধায়ক গৰাকীয়ে প্ৰদান কৰিলে খাদ্য সামগ্ৰী ৷

অসমৰ ভূমিত নগাৰ আগ্ৰাসন সন্দৰ্ভত সৰৱ সদৌ অসম একত্ৰিত যুৱ পৰিষদ

গুৱাহাটী প্ৰেছ ক্লাবত সোমবাৰে এক সংবাদমেল সম্বোধন কৰে সদৌ অসম একত্ৰিত যুৱ পৰিষদে ৷ সংগঠনটোৱে সংবাদমেলখনৰ জৰিয়তে অসমৰ ভূমিত নগাৰ আগ্ৰাসন সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে ৷ লগতে বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে সদৌ অসম একত্ৰিত যুৱ পৰিষদে ৷

স্বাক্ষৰতাৰ হাৰ : শীৰ্ষ স্থান অক্ষুণ্ণ কেৰালাৰ, পঞ্চমত অসম

96.2 শতাংশ স্বাক্ষৰতাৰ হাৰেৰে কেৰালা পুনৰবাৰ দেশৰ সৰ্বাধিক স্বাক্ষৰিত ৰাজ্য হিচাপে পৰিগণিত হ'ল ৷ আনহাতে, এই তালিকাত 66.4 শতাংশ স্বাক্ষৰতাৰ হাৰেৰে অন্তিম স্থান দখল কৰিছে অন্ধ্ৰ প্ৰদেশে ৷ ৰাষ্ট্ৰীয় পাৰিসাংখ্যিক কাৰ্যালয়ৰ (NSO)এক জৰীপত প্ৰকাশ পাইছে এই তথ্য় ৷

Last Updated : Sep 8, 2020, 3:24 PM IST

ABOUT THE AUTHOR

...view details