- সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীৰ বিয়োগ
মহাপ্ৰয়াণ ঘটিল মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীৰ ৷ সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত শোকত ম্ৰিয়মান হৈ পৰিছে ভক্তপ্ৰাণ ৰাইজ ৷
2.কামপুৰ আৰক্ষীৰ জালত নাবালিকা ধৰ্ষণকাৰী
কামপুৰ আৰক্ষীৰ জালত নাবালিকা ধৰ্ষণকাৰী ৷ সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আজিজু হকক ৷
3.জম্মু-কাশ্মীৰৰ কুপৱাড়াত আটক তিনি সন্ত্ৰাসবাদী
কুপৱাড়াৰ লালপোৰা এলেকাত জম্মু-কাশ্মীৰ আৰক্ষীৰ তথ্যৰ ভিত্তিত এক অভিযান চলাই সেনাই আটক কৰে তিনি সন্ত্ৰাসবাদীক ৷ সন্ত্ৰাসবাদীৰ পৰা সেনাই জব্দ কৰে মাৰণাস্ত্ৰৰ লগতে গুলী-বাৰুদ ৷
4.ৰক্তাক্ত অৱস্থাত উদ্ধাৰ উত্তৰ প্ৰদেশৰ বিজেপি নেতাৰ মৃতদেহ
বিজেপিৰ প্ৰাক্তন জিলা মুৰব্বী সঞ্জয় খোকৰক কোনো অচিনাক্ত দূৰ্বৃত্তই গুলীয়াই হত্যা কৰে ৷ বাঘপটস্থিত নিজৰ ফাৰ্মৰ পৰা পুৱাৰ ভাগত খোজ কাঢ়িবলৈ ওলাই যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা ৷
5. বিদেশী শক্তি নহয়, দেশবাসীৰ হ'কে নতুন সংবিধানৰ প্ৰয়োজন : শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰাজাপাকছা
জ্যেষ্ঠ সাংবাদিক স্মিতা শৰ্মাৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত শ্ৰীলংকাৰ নৱ-নিৰ্বাচিত প্ৰধানমন্ত্ৰী মহিন্দ্ৰা ৰাজাপাকছাই কয় যে, দ্বীপ ৰাষ্ট্ৰখনক এখন নতুন সংবিধানৰ প্ৰয়োজন ৷ বিদেশী শক্তি নহয়, দেশবাসীৰ আশা-আকাংক্ষাক বাস্তৱায়িত কৰিবলৈ নতুন সংবিধানৰ প্ৰয়োজন বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
6. ধ্ৰুৱজ্যোতি নাথ হত্যাকাণ্ড : ন্যায়ৰ দাবী সৰ্বভাৰতীয় বিপ্লৱী ছাত্ৰ সংগঠনৰ
ধ্ৰুৱজ্যোতি নাথ নামৰ শিশুটিৰ হত্যাকাণ্ডই সমগ্ৰ বৰাক উপত্যকা উত্তেজিত কৰি তোলাৰ সময়তে ন্যায়ৰ দাবী কৰে সৰ্বভাৰতীয় বিপ্লৱী ছাত্ৰ সংগঠনে ৷ এই সংগ্ৰামৰ অংশীদাৰ হ'বলৈ সকলো ৰাইজকো আহ্বান জনাই সংগঠনৰ সদস্যই ৷
7. মৰিগাঁৱত চাঞ্চল্যকৰ বোৱাৰী হত্যাকাণ্ড
মৰিগাঁও-কামৰূপ(গ্ৰাম্য) জিলাৰ সীমান্তৱৰ্তী ক্ষেত্ৰীত ৰহস্যজনক ভাৱে বোৱাৰীৰ মৃত্যু । সমগ্ৰ ঘটনাক লৈ মৰিগাঁৱৰ বহা আৰু ক্ষেত্ৰীত প্ৰতিক্ৰিয়াৰ সৃষ্টি । মৃত মহিলাগৰাকীৰ পিতৃ গৃহ মৰিগাঁও জিলাৰ মায়ং আৰক্ষী থানাৰ অন্তৰ্গত বহা গাঁৱত । পৰিয়ালৰ অভিযোগ অনুসৰি,এয়া এক পৰিকল্পিত হত্যাকাণ্ড ।
8. COVID-১৯ : ৰাজ্যত পুনৰ 2900 গৰাকী ক’ভিড পজিটিভ
ৰাজ্যত সোমবাৰে পুনৰ 2900 গৰাকী ক’ভিড পজিটিভ ৷ ৰাজ্যত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণৰ ঘটনা ৷
9. 15 আগষ্টত টাই আহোমক প্ৰদান কৰক জনজাতিৰ মৰ্যদা: টাইপা
সোমবাৰে গুৱাহাটী মহানগৰীত এখন সংবাদমেল সম্বোধন কৰে টাই আহোম যুৱ পৰিষদে ৷ সংবাদমেলখন সম্বোধন কৰি সংগঠনটোৱে কয় যে, পৰৱৰ্তী ১৫ আগষ্টত যদিহে চৰকাৰে টাই আহোমসকলক জনজাতিৰ উপৰিও স্বায়ত্ব শাসনৰ মৰ্যদা প্রদানৰ নকৰে তেন্তে পৰৱৰ্তী নিৰ্বাচনত ইয়াৰ পৰিণাম ভোগ কৰিব বিজেপিয়ে ।
10. ভৰ লুইতৰ খহনীয়াত বিপদাপন্ন দক্ষিণ শালমাৰা
ভৰা লুইতৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে দক্ষিণ শালমাৰা সমষ্টিৰ বৃহত্তৰ ফকিৰগঞ্জকে ধৰি কেইবাটাও অঞ্চলত ৷ মানচিত্ৰৰ পৰা নিচিহ্ন হোৱাৰ উপক্ৰম ঘটিছে দক্ষিণ শালমাৰা সমষ্টিৰ বহু অঞ্চল ৷