অসম

assam

ETV Bharat / state

ছয়গাঁৱৰ পুঠিমাৰীত বৃহৎ পৰিমাণৰ ফলা কাঠ জব্দ - Cahigaon timber seize

ছয়গাঁৱৰ পুঠিমাৰীত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ ফলা কাঠ ৷ জব্দকৃত চোৰাং কাঠখনিৰ মূল্য প্ৰায় 2 লক্ষাধিক হ’ব বুলি জানিবলৈ দিছে বন বিভাগৰ লোকে ৷

as_BOKO_timber-seized_img_ASC10052
পুঠিমাৰীত বৃহৎ পৰিমাণৰ ফলা কাঠ জব্দ

By

Published : Dec 22, 2020, 1:51 PM IST

বকো,22 ডিচেম্বৰ: পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া কাৰ্যালয়ৰ অধীনস্থ বনাঞ্চলসমূহত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা। বনাঞ্চলসমূহ ধ্বংস কৰি চোৰাং কাঠৰ ব্যৱসায়ৰ এক সাম্ৰাজ্য গঢ়ি তুলিছে একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে ৷

পুঠিমাৰীত বৃহৎ পৰিমাণৰ ফলা কাঠ জব্দ

সোমবাৰে আবেলি বামুণীগাঁও বন প্ৰটেকচন বিষয়া লক্ষেশ্বৰ দাসৰ নেতৃত্বত বন বিভাগৰ এটি দলে অভিযান চলাই ছয়গাঁৱ সমষ্টিৰ বৰভিঠাৰ পুঠিমাৰী গাঁৱৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং ফলা কাঠ জব্দ কৰা হয় ৷ কিন্তু এই পৰ্যন্ত ই অবৈধ কাঠৰ ব্যৱসায়ৰে জড়িত কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগে ৷ আনহাতে,জব্দকৃত চোৰাং কাঠখনিৰ মূল্য প্ৰায় 2 লক্ষাধিক হ’ব বুলি জানিবলৈ দিয়ে বন বিষয়াই ৷

লগতে পঢ়ক-পৰিভ্ৰমী পক্ষীৰ কাকলিত মুখৰিত গাই নদীৰ জলাশয়

ABOUT THE AUTHOR

...view details