গুৱাহাটী,17 এপ্ৰিলঃ ধুমুহাই তচনচ কৰিলে লতাশিল খেলপথাৰৰ বিহু মঞ্চ। মঞ্চত গায়ক গায়িকাসকলে অনুষ্ঠান পৰিৱেশন কৰি থকা অৱস্থাতে ধুমুহাত ভাঙিল বিহুৰ পেণ্ডেল। জানিব পৰা মতে এই ঘটনাত কোনো লোক গুৰুতৰ ভাৱে আহত হোৱা নাই।
অনুষ্ঠানৰ মাজতে ধুমুহাত তচনচ লতাশিল খেলপথাৰৰ বিহু মঞ্চ - বিহু
মঙলবাৰে প্ৰায় 2.50 মিনিটত অহা ধুমুহাত অনুষ্ঠান চলি থকাৰ মাজতে ভাঙি পৰিল বিহু মঞ্চ

অনুষ্ঠানৰ মাজতে ধুমুহাত তচনচ লতাশিল খেলপথাৰৰ বিহু মঞ্চ
অনুষ্ঠানৰ মাজতে ধুমুহাত তচনচ লতাশিল খেলপথাৰৰ বিহু মঞ্চ
পৰিচালনা সমিতিৰ লোকে জানিবলৈ দিয়া মতে বুধবাৰে অনুষ্ঠিত হ'বলগীয়া বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাৰ বাবে মঞ্চটো পুনৰ সজাই থকা হৈছে। কিন্তু কোনো কাৰণত যদি মঞ্চৰ পুনৰ নিৰ্মাণ কৰিবলৈ সম্ভৱ হৈ নুঠে তেন্তে ভাস্কৰ নাট্য মন্দিৰৰ মঞ্চত বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব ৷ আনহাতে পেণ্ডেলৰ গৰাকীয়ে ধুমুহাই চকী, পেণ্ডেলৰ ওপৰভাগৰ যথেষ্ট ক্ষতিসাধন কৰে বুলি জানিবলৈ দিয়ে ৷