ছয়গাঁও, 24 আগষ্ট:ৰাজ্যত মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ড৹ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰী নিৰ্মূল কৰিবৰ বাবে অসম আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছিল ৷ লগতে ৰাজ্যত গো-সুৰক্ষা বা গো-সংৰক্ষণ আইন প্ৰণয়ন কৰি ৰাজ্যত অবৈধ ভাৱে সৰবৰাহ হৈ থকা চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায় বন্ধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে ৷
এই সকলোবোৰ বিষয়ক লৈ চৰ্চা চলি থকাৰ মাজতে সোমবাৰে পুৱতি নিশা ছয়গাঁও আৰক্ষীয়ে গৰু চোৰৰ বিৰুদ্ধে এক বিশেষ অভিযান চলায় ৷ অভিযান কালত আৰক্ষীয়ে 9 টা চোৰাং গৰু জব্দ কৰাৰ লগতে তিনিটা গৰু চোৰক আটক কৰিবলৈ সক্ষম হৈছে ৷ আটকাধীন গৰু চোৰ কেইটা হৈছে বকো আৰক্ষী থানাৰ অৰ্ন্তগত আন্ধেটাৰী গাঁৱৰ ছামাদ আলী, গৰৈমাৰীৰ টুক্ৰাপাৰ গাঁৱৰ চাইফুল ইছলাম আৰু টুক্ৰাপাৰৰ চলেমুদ্দিন ৷
লগতে পঢ়কঃ নাৰায়ণ ৰাণেক গ্ৰেপ্তাৰ কৰি সংবিধানৰ হত্যা কৰা হৈছে : জেপি নাড্ডা