গুৱাহাটী 28 এপ্ৰিলঃ সমগ্ৰ ৰাজ্যজুৰি চলা লক-ডাউনে প্ৰভাৱে জুৰুলা কৰিছে সাধাৰণ জনতাক তাৰ মাজতে পোহৰলৈ আহিছে। সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ক্ষেত্ৰীৰ মালয়বাৰীৰ হিৰাপাৰাৰ পিতৃ-মাতৃহীন তিনিগৰাকী কিশোৰীৰ জীৱনলৈ নামি আহিছে বিপদ। পাচঁ বছৰ পূৰ্বে পিতৃৰ বিয়োগ ঘটাৰ পিছতো মাতৃয়ে কষ্টেৰে ভৰণ-পোষণৰ চেষ্টা চলাইছিল পৰিয়ালটোক,কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস দুমাহ পূৰ্বে কাঢ়ি লৈ গ'ল তেওঁলোকৰ মাজৰ পৰা মাতৃকো ।
দুৰ্ভগীয়া তিনি কিশোৰীৰ জীৱনগাঁথা - জয়মতী বড়ো
অকালতে পিতৃ-মাতৃক হেৰুৱাই কৰিব লগীয়া হৈছে জীৱন সংগ্ৰাম ৷
এতিয়া তিনিওগৰাকী ছোৱালীয়ে চৌদিশে দেখিছে ঘোৰ অন্ধকাৰ। খুৰাকৰ ছত্ৰছায়াত অতি কষ্টেৰে অতিবাহিত কৰিছে জীৱন সংগ্ৰাম,এটি চৰকাৰী গৃহ,এহাজাৰ টকাৰ আৰ্থিক সাহাৰ্যই যেন তেওঁলোকৰ চকুলো মুচিব পৰা নাই ৷ নিজৰ দুৰ্দশা ছবি খন বৰ্ণনা কৰিব নোৱাৰি উচুপি উঠিল এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহা জয়মতী বড়ো নামৰ কিশোৰী গৰাকী,তেওঁৰ দুয়োগৰাকী ভগ্নী বৰ্তমান দশম আৰু চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত । হৃদয়ৱান ব্যক্তিৰ এধানি মান মৰমে তেওঁলোকৰ জীৱনলৈ কঢিয়াই আনিব পাৰে জীয়াই থকাৰ প্ৰেৰণা ৷ আপুনিও যদি সহায় কৰিব বিচাৰে যোগাযোগ কৰিব পাৰে ৯৬৭৮৮-২০৯৭২ এই নম্বৰত ৷
লগতে পঢকঃ বিশ্বনাথত দুৰ্ঘটনাত পতিত হোৱা আছু নেতাৰ মৃত্যু