গুৱাহাটী,21 আগষ্ট: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে অসম আৰক্ষীয়ে ৷ নিষিদ্ধ ড্ৰাগছৰ কলা বেহা উৎখাট কৰাৰ লক্ষ্যৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে প্ৰতিদিনে অভিযান চলাই আটক কৰিবলৈ সক্ষম হৈছে ড্ৰাগছ সৰবৰাহকাৰীক ৷ ইয়াৰ মাজতে ড্ৰাগছ বিৰোধী অভিযানৰ অংশ হিচাপে মহানগৰ আৰক্ষীয়ে শুকুৰবাৰে নিশা নুনমাটি অঞ্চলৰ পৰা আটক কৰিবলৈ সক্ষম হয় তিনিটা ড্ৰাগছ সৰবৰাহকাৰীক ৷
নুনমাটি আৰক্ষীৰ জালত পৰা ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটা হৈছে মহম্মদ মোজামিল হুছেইন(41),নুনমাটি,মছজিদ পথ,মহম্মদ ৰেকীবুৰ ৰহমান(37),নুনমাটি, বিষ্ণু ৰাভা নগৰ আৰু মহম্মদ ৰেকীবুল আলী(36),কামৰূপ,বকো ৷ ধৃত সৰ্বৰাহকাৰী কেইজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমানৰ ড্ৰাগছ সহ 19 টাকৈ খালি কনটেইনাৰ, চিৰিঞ্জ, 4 টা ম'বাইল ফোন, এটা DSLR কেমেৰা সহ নগদ 54,350 টকা ৷
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটাই নুনমাটিৰ পৰা আৰক্ষীৰ চকুত ধূলি দি মহানগৰীৰ বিভিন্ন স্থানত সৰবৰাহ কৰি আহিছিল নিষিদ্ধ ড্ৰাগছ ৷
মন কৰিবলগীয়া যে,মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে অবৈধ নিচাজাতীয় সামগ্ৰী ড্ৰাগছ,গাঞ্জা আদিৰ বিৰুদ্ধে কঠোৰ হবলৈ অসম আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছিল ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ পাছতে সমগ্ৰ ৰাজ্যতে চলিছিল ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী বিৰোধী অভিযান ৷ অভিযানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা জব্দ কৰা হৈছিল কোটি কোটি টকাৰ ড্ৰাগছ,হেৰ'ইন, গাঞ্জাকে ধৰি অন্যান্য নিচাজাতীয় সামগ্ৰী ৷ অভিযানত আৰক্ষীৰ গুলীত আহত হৈছিল বহু ড্ৰাগছ সৰৱৰাহকাৰী ৷