অসম

assam

ETV Bharat / state

বকোত চাৰিজনৰ দেহত কোভিড-১৯ পজিটিভ - পলাশবাৰীস্থিত পতঞ্জলী কোভিড কেয়াৰ কেন্দ্ৰলৈ প্ৰেৰ

বকো স্বাস্থ্য বিভাগ তথা প্ৰশাসনে পতঞ্জলী কোভিড কেয়াৰ কেন্দ্ৰলৈ প্ৰেৰণ কৰে চাৰিজন কোভিড আক্ৰান্ত ৰোগীক ৷ স্থানীয় ৰাইজে পৰিস্থিতি গণ সংক্ৰমণৰ দিশে যোৱা আশংকা প্ৰকাশ কৰিছে ৷

THREE COVID POSITIVE FOUND IN BOKO
বকোত চাৰিজনৰ দেহত কোভিড-১৯ পজিটিভ

By

Published : Jul 1, 2020, 9:17 PM IST

বকো,1জুলাইঃ কামৰূপ জিলাৰ বকোত একেদিনাই চাৰিজনৰ জনৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ । স্বাস্থ্য বিভাগ তথা জিলা প্ৰশাসনে তেওঁলোকক চিকিৎসাৰ বাবে ইতিমধ্যে পলাশবাৰীস্থিত পতঞ্জলী কোভিড কেয়াৰ কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে । বকো বজাৰত ভাৰতীয় ষ্টেট বেংক বকো শাখাৰ তলত থকা অভিজিৎ গাৰ্মেন্টচ দোকানৰ স্বতাধিকাৰী অভিজিৎ ৰয়ৰ দেহত পোৱা গৈছে কোভিড-১৯ পজিটিভ । তেখেতৰ স্বাৱ নমুনা যোৱা ১৫ জুনত Assam Targeted Surveillance Programme (ATSP) ৰ অধীনত বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত লোৱা হৈছিল ।

নমুনাৰ ফলাফল অহাৰ পাছতেই তেখেতক বকো স্বাস্থ্য বিভাগ তথা প্ৰশাসনে পতঞ্জলী কোভিড কেয়াৰ কেন্দ্ৰলৈ প্ৰেৰণ কৰে। ইতিমধ্যে প্ৰসাশনে তেখেতে বাস কৰা ভাড়াঘৰৰ লগতে ওচৰৰ অঞ্চলতো আৰু বেংক সহিতে শ্বপিং কমপ্লেক্সতো ১৪ দিনৰ বাবে কন্টেইনমেন্ট জ'ন ঘোষণা কৰিছে। উল্লেখযোগ্য যে, অভিজিৎ ৰয়ৰ কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত নাই বুলি জানিব পৰা গৈছে ।

বকোত চাৰিজনৰ দেহত কোভিড-১৯ পজিটিভ
ইপিনে আন দুজন বকো সমষ্টিৰ নগৰবেৰা আৰু মন্দিৰাত পোৱা গৈছে। পেছাত দুয়ো গৰাকীয়ে আৰক্ষী বিভাগত কৰ্মৰত। দুয়ো গৰাকীৰে স্ৱাৱৰ নমুনা যোৱা ২৪ জুনত Assam Targeted Surveillance Programme (ATSP) আধাৰত নগৰবেৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত লোৱা হৈছিল। আনচাৰুল হক লস্কৰ মন্দিৰা আৰক্ষী চকীত চিপাহী আছিল আৰু খায়ৰুল হক নগৰবেৰা আৰক্ষী থানাৰ গাড়ী চালক হিচাপে কৰ্মৰত আছিল। এওঁলোক দুয়োজনৰে কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত নাই। ইয়াৰ পিছতে বকো অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু ৰাইজে গণ সংক্ৰমণ হোৱাৰ আংশকা প্ৰকাশ কৰিছে।লগতে পঢ়কঃ পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আপৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details