ৰঙিয়া, 8 জুলাই : বানে বিধংসী ৰূপ ধাৰণ কৰাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যৰ কৃষকসকলৰ মাজত ৷ হাজাৰ হাজাৰ কৃষিভূমি চকুৰ পচাৰতে ক্ষতিগ্ৰস্ত কৰিছে বানে ৷ ৰঙিয়াৰ বৰকুকুৰীয়াতো নোনা নৈৰ বানে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ নোনা নৈৰ বানে অঞ্চলটোৰ হেজাৰ হেজাৰ বিঘা কৃষিভূমি নষ্ট কৰি পেলোৱাৰ ফলত কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
নোনা নৈৰ বানত ক্ষতিগ্ৰস্ত বহু হাজাৰ বিঘা কৃষিভূমি নোনা নৈৰ বানত নষ্ট হৈছে অঞ্চলটোৰ বড়ো ধানৰ খেতিসমূহ। একঁকাল পানীত কেঁচা ধান কাটিবলৈ বাধ্য হৈছে খেতিয়কসকল। মানুহৰ খাদ্যৰ অনুপযোগী হৈ পৰা এই ফচল এতিয়া গৰু-ছাগলীক খুৱাবলৈ এককাল পানীত নামিব লগা হৈছে খেতিয়কসকল। ইয়াৰ উপৰিও ধানৰ সলনি পতানহে উৎপাদন হৈছে বেছিভাগ খেতিয়কৰে।
বেংকৰ পৰা ঋণ লৈ খেতি কৰা কৃষকসকলে বানত সকলো নষ্ট হৈ যোৱাত এতিয়া মূৰে-কপালে হাত দিব লগা হৈছে। অতি পিছপৰা বৰকুকুৰীয়া অঞ্চলৰ প্ৰায় সকলো লোকেই কৃষিজীৱী। ধান খেতি কৰাৰ পিছত ধান অথবা চাউল বিক্ৰী কৰি বছৰটো কোনোমতে পৰিয়াল পোহপাল দিয়ে এইসকল খেতিয়কে। কিন্তু এইবাৰ বানে সকলো নষ্ট কৰি পেলোৱাত অজান শংকাত ভুগিছে কৃষকসকল। নিৰ্বাচনৰ সময়ত নেতা-পালিনেতাৰ সোঁত বোৱা গাঁওখনত এতিয়া খবৰ ল'বলৈ আহৰি নাই জনপ্ৰতিনিধিৰ । কৃষকৰ কল্যাণৰ বাবে চৰকাৰৰ কোটি কোটি টকাৰ কল্যাণকামী অভিলাষী আঁচনিসমূহৰ পৰাও বহু দূৰত আছে এইসকল কৃষক। জীৱিকাৰ মূল সম্বল খেতিপথাৰৰ ধানবোৰ নষ্ট হৈ যোৱাত পেটত গামোচা বান্ধি কষ্টকৰ দিন অতিবাহিত কৰিবলৈ বাধ্য হৈছে অঞ্চলটোৰ হেজাৰৰো অধিক কৃষকে। এওঁলোকৰ কল্যাণৰ বাবে চৰকাৰৰ বিয়াগোম বিভাগসমূহ থকাৰ পিছতো বছৰ বছৰ ধৰি বঞ্চিত এইসকল লোক।
লগতে পঢ়ক : কাণপুৰ এনকাউণ্টাৰৰ মূল অভিযুক্ত বিকাশ ডুবেৰ ঘনিষ্ঠ অমৰ ডুবে নিহত