অসম

assam

ETV Bharat / state

দীপাৱলীৰ সময়ত ৰাজ্যত সংঘটিত সৰু-বৰ 30টা অগ্নিকাণ্ডৰ ঘটনা - Etv Bharat interview with state fire authority

দীপাৱলীৰ উদযাপনৰ সময়ত ৰাজ্যত সংঘটিত সৰ্বমুঠ অগ্নিকাণ্ডৰ তথ্য প্ৰকাশ ৰাজ্যিক অগ্নি আৰু আপাতকালীন বিভাগৰ ৷ পূৰ্বৰ তুলনাত ৰাজ্যত এইবাৰ হ্ৰাস পালে দুৰ্ঘটনাৰ সংখ্যা ৷

দীপাৱলীৰ সময়ত ৰাজ্যত সংঘটিত সৰু-বৰ 30টা অগ্নিকাণ্ডৰ ঘটনা

By

Published : Oct 28, 2019, 6:03 PM IST

Updated : Oct 28, 2019, 8:14 PM IST

গুৱাহাটী,28 অক্টোবৰঃ দীপাৱলীৰ সময়ত ৰাজ্যত এইবাৰ হ্ৰাস পালে অগ্নিকাণ্ডজনিত আপাতকালীন ঘটনা ৷ সোমবাৰে ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই কথা উল্লেখ কৰে ৰাজ্যিক অগ্নি আৰু আপাতকালীন বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া আৰ বগোটাই ৷ বিষয়াগৰাকীয়ে জনায় যে এইবাৰ সমগ্ৰ অসমত দীপাৱলীৰ দিনা উল্লেখনীয়ভাৱে হ্ৰাস পালে আপাতকালীন ঘটনাৰ সংখ্যা ৷ তেওঁ লগতে এইবাৰ সমগ্ৰ ৰাজ্যত 30 টা সৰু-বৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলি ইটিভি ভাৰতক অৱগত কৰে ৷ অগ্নি আৰু আপাতকালীনজনিত ঘটনা হ্ৰাস পোৱাৰ মূলতে জিলা প্ৰশাসনসমূহৰ সৰ্তকতামূলক ব্যৱস্থাপনা আৰু জনসাধাৰণৰ মাজত বৃ্দ্ধি পোৱা সুৰক্ষাজনিত সজাগতাৰ সুফল বুলি বিষয়াগৰাকীয়ে মত ব্যক্ত কৰে ৷ ইফালে গুৱাহাটী মহানগৰীতো ৰাইজে সুকলমে দীপাৱলী উদযাপন কৰা বুলি তেখেতে উল্লেখ কৰে ৷

দীপাৱলীৰ সময়ত ৰাজ্যত সংঘটিত সৰু-বৰ 30টা অগ্নিকাণ্ডৰ ঘটনা

আনহাতে, যোৰহাটত দীপাৱলীৰ নিশা গেছ পৰিবাহী পাইপত সংঘটিত অগ্নিকাণ্ডৰ ঘটনা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নত উক্ত অগ্নিকাণ্ডটো আপাতকালীন বা দীপাৱলীত সংঘটিত অগ্নিকাণ্ড নহয় বুলি অৱগত কৰে বিষয়াগৰাকীয়ে ৷ তাৰোপৰি বিভাগীয় বিষয়াগৰাকীয়ে ৰাজ্যবাসীয়ে সজাগতাৰ সৈতে দীপাৱলী উদযাপন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰে ৷

আৰু পঢ়কৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন পোহৰৰ উৎসৱ দীপাৱলী

Last Updated : Oct 28, 2019, 8:14 PM IST

ABOUT THE AUTHOR

...view details