অসম

assam

ETV Bharat / state

ৰঙিয়া আৰক্ষীৰ সাফল্য: আৰক্ষীৰ জালত ৭ গভাইত চোৰ - ৰঙিয়া আৰক্ষীৰ সাফল্য

দীৰ্ঘদিনে বিভিন্ন প্ৰান্তৰ মঠ-মন্দিৰত সংঘটিত হোৱা চুৰিকাণ্ডই টোপনি হৰিছিল আৰক্ষীৰ । মঠ-মন্দিৰ তথা বিদ্যালয়ত চুৰিকাণ্ডৰে জড়িত চোৰৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছিল জোৰদাৰ অভিযান । অৱশেষত ৰঙিয়া আৰক্ষীৰ জালত পৰিল সাতটা গভাইত চোৰ (Thieves arrested by Rangia Police in Rangia) ।

seven thief arrested in rangia
ৰঙিয়া আৰক্ষীৰ বৃহৎ সাফল্য: আৰক্ষীৰ জালত ৭ গভাইত চোৰ

By

Published : Apr 5, 2022, 8:33 PM IST

ৰঙিয়া,৫ এপ্ৰিল:ৰঙিয়া, বৰপেটাকে আদি কৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মঠ-মন্দিৰ তথা বিদ্যালয়ত সংঘনে সংঘটিত হ'বলৈ ধৰিছে চুৰিকাণ্ড । একপ্ৰকাৰ আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছিল এই ঘটনা । ধৰ্মীয় অনুষ্ঠান তথা শিক্ষানুস্থানত হোৱা চুৰিকাণ্ডৰ বিৰুদ্ধে আৰক্ষীয়েও অব্যাহত ৰাখিছিল তীব্ৰ অভিযান । ইয়াৰ মাজতে ৰঙিয়া আৰক্ষীৰ জালত পৰিল সাতটো গভাইত চোৰ (Thieves arrested by Rangia Police in Rangia) ।

ৰঙিয়াৰ তুলসীবাৰী অঞ্চলত আৰক্ষীক চেলেঞ্জ কৰি চোৰৰ এটা চক্ৰই যোৱা দিনকেইটাত ধৰ্মীয় অনুষ্ঠান, বিদ্যালয়ত চলাইছিল চাফাই অভিযান । অৱশেষত আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে এনে কাণ্ডৰ লগত জড়িত ৭ টাকৈ গভাইত চোৰক । ধৃত চোৰকেইটা হৈছে তুলসীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত চিলাকুটিৰ জিন্তু দাস, পৰাগ দাস, হালিকুছিৰ গৌতম দাস , প্ৰাঞ্জল দাস, অনুপম দাস, বিচেন্নালাৰ চন্দন বনিয়া আৰু কমলপুৰৰ জয়প্ৰকাশ নাথ ।

ৰঙিয়া আৰক্ষীৰ বৃহৎ সাফল্য: আৰক্ষীৰ জালত ৭ গভাইত চোৰ

ধৃত চোৰকেইটাৰ পৰা আৰক্ষীয়ে জালনোট বনোৱা প্ৰিন্টাৰ, ৫০ টকাৰ বহুকেইখন জালনোট, চিচিটিভি কেমেৰা, কম্পিউটাৰ, পানীৰ মটৰ, বেটাৰী আৰু চোকা অস্ত্ৰৰ লগতে বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰে ।

ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে জানিবলৈ দিয়া মতে, শেহতীয়াকৈ তুলসীবাৰী অঞ্চলৰ সঘনে চুৰিকাৰ্য সংঘটিত হৈ আহিছিল । এনে ধাৰাবাহিক চুৰিৰ বিৰুদ্ধে আৰক্ষীয়ে গোপন অভিযান চলাই চুৰি সামগ্ৰীসহ চোৰ কেইটাক আটক কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক:অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে AJYCPৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details