ৰঙিয়া/নলবাৰী, 7 নৱেম্বৰ :সন্ধিয়া হ’লেই যেন চলে চোৰৰ ৰাজত্ব ৷ সাধাৰণ লোকৰ ঘৰতো বাদেই, ধৰ্মীয় উপাসনা থলীসমূহো বাছি নাযায় চোৰৰ কবলৰ পৰা ৷ তেনে এক মূৰ্তি চোৰক অলপতে কৰায়ত্ত কৰে ৰঙিয়া মহকুমাৰ অন্তৰ্গত কঞা আৰক্ষীয়ে ৷
ঘটনাৰ বিৱৰণী অনুসৰি, এটা চোৰে কমাৰকুছি আৰক্ষী চকীৰ অন্তৰ্গত বৰভাগ অঞ্চলৰ ননৈ গাঁৱৰ হৰেকৃষ্ণ মন্দিৰৰ চুৰি কৰি আনিছিল দুটাকৈ মূৰ্তি ৷ পৰৱৰ্তী সময়ত চোৰটোৱে বাৰাংহাটী চকীৰবৰি অঞ্চলত সন্দেহজনকভাৱে ঘূৰা-ফুৰা কৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷ চোৰটোৰ চাল-চলনত সন্দেহ ওপজা ৰাইজে ততালিকে খবৰ দিয়ে আৰক্ষীক ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চোৰটোক কৰায়ত্ত কৰি লগত থকা মোনাতোত তালাচী চলোৱাত দুটাকৈ মূৰ্তি উদ্ধাৰ হয় ৷