অসম

assam

ETV Bharat / state

ভগৱানো বাছি নগ'ল চোৰৰ কোপদৃষ্টিৰ পৰা... - Trinayan Siva Temple North Guwahati

উত্তৰ গুৱাহাটীৰ শিলসাঁকোৰ ত্ৰিনয়ণ শিৱ মন্দিৰত চোৰে চলালে চাফাই অভিযান ৷ নিশাৰ মুষলধাৰ বৰষুণৰ সুযোগ লৈ মন্দিৰটোৰ ধন লুটি নিয়াৰ লগতে লণ্ড-ভণ্ড কৰিলে বহু সামগ্ৰী ৷

ত্ৰিনয়ণ শিৱ মন্দিৰত চুৰিকাণ্ড

By

Published : Apr 28, 2019, 4:50 PM IST

উত্তৰ গুৱাহাটী, 28 এপ্ৰিলঃআৰক্ষী প্ৰশাসনৰ নাকৰ তলতে চোৰে চলালে চাফাই অভিযান ৷ গুৱাহাটী মহানগৰীৰ কেইবাটাও মন্দিৰত চোৰে উৎপাত চলোৱাৰ পৰৱৰ্তী সময়তে আকৌ এবাৰ লক্ষ্য কৰি ল'লে ধৰ্মীয় অনুষ্ঠান ৷

ত্ৰিনয়ণ শিৱ মন্দিৰত চুৰিকাণ্ড

উত্তৰ গুৱাহাটীৰ শিলসাঁকোৰ ত্ৰিনয়ণ শিৱ মন্দিৰত শনিবাৰে নিশাৰ ভাগত চোৰে লুটপাত চলাই বহু সামগ্ৰী ধ্বংস কৰাৰ লগতে লুটি নিয়ে মন্দিৰটোৰ প্ৰণামীত থকা সকলো ধন ৷ উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ পৰা নিচেই সমীপত থকা এটা মন্দিৰত এইদৰে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ চোৰে লুটপাত কৰাৰ ঘটনাই সকলোকে আচৰিত কৰি তুলিছে ৷ স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি, নিশাৰ ভাগত অহা মুষলধাৰ বৰষুণৰ সুযোগ লৈয়ে মন্দিৰৰ গ্ৰীল কাটি চোৰে লুটি নিয়ে মন্দিৰৰ প্ৰণামীৰ ধন ৷

ABOUT THE AUTHOR

...view details