অসম

assam

By

Published : Mar 7, 2020, 6:34 PM IST

ETV Bharat / state

অসম মেঘালয় সীমান্তত আটক মটৰ চাইকেল চোৰ

পলাশবাৰী আৰক্ষীয়ে অভিযান চলাই অসম মেঘালয় সীমান্তৱৰ্তী কুলচিৰ পৰা আটক কৰে পাঁচটা গভাইত মটৰ চাইকেল চোৰক ৷ চোৰৰ দলটিৰ পৰা উদ্ধাৰ দুখন মটৰ চাইকেল আৰু এখন স্কুটি ৷

Thief caught by palashbari police
অসম মেঘালয় সীমান্তত আটক মটৰ চাইকেল চোৰ

কামৰূপ,7মাৰ্চ:শুকুৰবাৰে নিশা অসম মেঘালয় সীমান্তৱৰ্তী কুলচিত আটক কৰা হয় পাঁচটা মটৰ চাইকেল চোৰক ৷ পলাশবাৰী আৰক্ষী আৰু DSPৰ অভিযানত আটক কৰা হয় চোৰকেইটাক ৷ চোৰকেইটা নিবাৰণ ৰাভা, প্ৰাঞ্জল ৰাভা, জিম ৰাভা আৰু ভগবান ৰাভা বুলি আৰক্ষীৰ সূত্ৰে জানিবলৈ পোৱা গৈছে ৷ চোৰৰ দলটিৰ পৰা দুখন মটৰ চাইকেল আৰু এখন স্কুটি উদ্ধাৰ কৰা হয় ৷

অসম মেঘালয় সীমান্তত আটক মটৰ চাইকেল চোৰ

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত সংঘটিত হৈ আহিছে মটৰ চাইকেল চুৰিৰ ঘটনা ৷ আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছিল যদিও চোৰকেইটাক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাছিল ৷ শুকুৰবাৰে নিশা অৱশেষত আৰক্ষীয়ে অভিযান চলাই কৰায়ত্ত কৰে চোৰকেইটাক ৷ পলাশবাৰী আৰক্ষীয়ে 146/2020 নম্বৰ এটা গোচৰ ৰুজু কৰি আদালতত হাজিৰ কৰে চোৰকেইটাক ।

অধিক খবৰৰ বাবে:শিৱসাগৰত চাফাই কৰ্মীৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details