অসম

assam

By

Published : May 29, 2021, 4:29 PM IST

Updated : May 29, 2021, 5:48 PM IST

ETV Bharat / state

ৰঙিয়াৰ স্বস্তি হাস্পতালত চুৰ কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল চোৰ

ৰঙিয়াৰ স্বস্তি হাস্পতালত চুৰি কৰিবলৈ আহি ধৰা পৰিল ড্ৰাগছ আসক্ত যুৱক । ড্ৰাগছ ক্ৰয়ৰ বাবে চুৰ কৰিবলৈ আহি ৰাইজৰ লপা থপা ।

thief caught at rangia
ৰঙিয়াৰ স্বস্তী হাস্পাতালত চোৰ কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল চোৰ

ৰঙিয়া, ২৯ মে': ড্ৰাগছ ক্ৰয়ৰ বাবে চুৰি কাৰ্যত লিপ্ত হ'ল যুৱক । চিকিৎসালয় চৌহদত চুৰি কৰিবলৈ আহি ধৰাত পৰিল ড্ৰাগছ আসক্ত যুৱক । ৰঙিয়াৰ স্বস্তি হাস্পতালত সংঘটিত হৈছে এই ঘটনা ।

ঘটনাৰ বিৱৰণী অনুসৰি, কিছুদিন পূৰ্বে স্বস্তি হাস্পতালৰ চৌহদৰ পৰা এখন চাইকেল চুৰ হৈছিল । সমগ্ৰ কাণ্ড বন্দী হৈছিল হাস্পতালখনৰ চি চি টিভি কেমেৰাত ।

পুনৰ শনিবাৰে ড্ৰাগছ আসক্ত লম্পট যুৱকজনে চুৰি কৰিবলৈ স্বস্তি হাস্পতালৰ চৌহদত ঘুৰি ফুৰিছিল । কিন্তু হাস্পতাল কৰ্তৃপক্ষই যুৱকজনক চিনি পাই হাতে লোটে ধৰা পেলায় । উপস্থিত একাংশ ৰাইজেও যুৱকজনক লপা থপা দিয়ে ।

ধৃত চোৰটোৱে সোধ পোচৰ সময়ত স্বীকাৰ কৰে যে, ড্ৰাগছ ক্ৰয়ৰ বাবেহে চুৰ কৰিবলৈ আহিছিল । পিছত হাস্পতাল কৰ্তৃপক্ষই ধৃত চোৰটোক আৰক্ষীৰ হাতত গতাই দিয়ে ।

লগতে পঢ়ক: ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান ছাত্ৰ সন্থাৰ

Last Updated : May 29, 2021, 5:48 PM IST

ABOUT THE AUTHOR

...view details