কমলপুৰ, 4 এপ্ৰিলঃ বাইহাটা চাৰিআলিৰ কমলপুৰৰ মাজমজিয়াত থকা অসম গ্ৰামীণ বিকাশ বেংকৰ তলা ভাঙি চোৰে চলালে তাণ্ডৱ । দেশজুৰি লক ডাউন চলি থকাৰ সময়তে চোৰে সুবিধা বুজি চলালে চাফাই অভিযান । বেংকৰ ভিতৰত থকা আঠটাকৈ আলমিৰাৰ দৰ্জা ভাঙি সিঁচৰিত কৰে বেংকৰ নথি পত্ৰ সমূহ । ষ্ট্ৰং ৰূমৰ ভিতৰত প্ৰবেশ কৰিব নোৱাৰিলে যদিও চুৰি কৰি নিয়ে কেন্টিনৰ গেছ চিলিণ্ডাৰৰ লগতে টোকেন । কিন্তু লক্ষ্যণীয় বিষয় যে, বৃহত্তৰ অঞ্চলটোক সামৰি লোৱা এই শাখাটোত নাই কোনো ধৰনৰ চিচি কেমেৰাৰ ব্যৱস্থা । ইয়াৰোপৰি ষ্ট্ৰংৰূমতো নাই বিপদ সংকেত ধ্বনি । ঘটনাস্থীলত কমলপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।
কমলপুৰৰ গ্ৰামীণ বিকাশ বেংকত চোৰৰ তাণ্ডৱ
দেশজুৰি লক ডাউন চলি থকাৰ সময়তে বাইহাটা চাৰিআলিৰ কমলপুৰৰ মাজমজিয়াত থকা অসম গ্ৰামীণ বিকাশ বেংকৰ তলা ভাঙি চোৰে লুটি নিয়ে সামগ্ৰী । উল্লেখ্য যে, গ্ৰামীণ বিকাশ বেংকৰ এই শাখাটোত নাই কোনোধৰণৰ চিচি কেমেৰা অথবা বিপদ সংকেত ধ্বনি ।
thief at kamalpur gramin bikash bank during lockdown