হাজো,11 জুনঃহাজোৰ আদালতৰ সন্মুখত বুধবাৰে নিশা ভয়ংকৰ পৰিস্থিতি। গৰু চোৰৰ দলৰ সৈতে আৰক্ষীৰ খেদা খেদি। এখন Mahindra Quantoগাড়ীলৈ আহিছিল গৰু চোৰকেইটাই । গাড়ীৰ ভিতৰত আছিল তিনিটাকৈ গৰু। নিশা আৰক্ষীৰ গাড়ী দেখি প্ৰথমে আৰক্ষীক আক্ৰমণৰ চেষ্টা চলায় গৰু চোৰটোৱে আৰু তাৰ পিছতেই পলাবলৈ চেষ্টা কৰোতে গৰু চোৰৰ গাড়ীলৈ আৰক্ষীয়ে গুলীবৰ্ষণ কৰে এক জাই গুলি । অৱশেষত খেদি খেদি আৰক্ষীয়ে জব্দ কৰে AS-01-BJ-5683 নম্বৰৰ Mahindra Quanto গাড়ীৰ লগতে তিনিটাকৈ গৰু। লগতে গ্ৰেপ্তাৰ কৰে জাকিৰ আলী নামৰ এটা কুখ্যাত গৰু চোৰক ।
হাজো আৰক্ষীৰ জালত কুখ্যাত গৰু চোৰ - হাজো আৰক্ষীয়ে আটক কৰিছে কুখ্যাত গৰু চোৰ জাকিৰ আলী
হাজো আৰক্ষীয়ে আটক কৰিছে কুখ্যাত গৰু চোৰ জাকিৰ আলী ৷ চোৰটোৰ লগতে জব্দ কৰিছে তিনিটাকৈ গৰু ৷
![হাজো আৰক্ষীৰ জালত কুখ্যাত গৰু চোৰ thief-arrested-at-hajo](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7571726-thumbnail-3x2-a.jpg)
হাজো আৰক্ষীৰ জালত কুখ্যাত গৰু চোৰ