অসম

assam

ETV Bharat / state

গুৱাহাটী আৰু লক্ষিমপুৰত চোৰৰ দ্পদ্পনি - guwahati maligaon police arrested three thief

ৰাজ্যত চোৰৰ দ্পদ্পনি ৷ কি গুৱাহাটী কি লখিমপুৰ ৷ জালুকবাৰী আৰক্ষীৰ জালত কেইবাটাও দুধৰ্ষ চোৰ ৷ লখিমপুৰতো লুট-পাত চলালে "চিল্কালয়" নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ৷

thief arrested at lakhimpur and guwahati
ৰাজ্যত চোৰৰ দ্পদ্পনি

By

Published : Dec 3, 2019, 7:33 PM IST

গুৱাহাটী বিহপুৰীয়া, 3 ডিচেম্বৰ :ৰাজ্যত চোৰৰ দ্পদ্পনি ৷ কি গুৱাহাটী কি লখিমপুৰ ৷ চোৰ হয়টো বহুত দেখিছে । কিন্ত আমি আপোনালোকক দেখুৱাম এটা চাকৰিয়াল চোৰ । দিনত নিৰাপত্তাৰক্ষীৰ কৰ্মত নিয়োজিত থাকি নিশা হ'লেই নামি পৰে চুৰিকাণ্ডত । মালিগাঁৱৰ এখন দোকানতে পাঁচবাৰকৈ চুৰ কৰি ছয়নম্বৰৰ দিনা অৰ্থাৎ সোমবাৰে নিশা হাতে লোটে ধৰা পৰে নলবাৰীৰমিন্টু কলিতা ৷ দীৰ্ঘদিন ধৰি মিন্টু কলিতাৰ বাবেই আতংকিত হৈ আছিল মালিগাঁৱৰ ব্যৱসায়ীসকল । আৰক্ষীৰ জালত চোৰটো পৰাৰ পিছতেই স্বস্তিৰ নিশ্বাস লৈছে মালিগাঁৱৰ ব্যৱসায়ীসকলে । বৰ্তমান জালুকবাৰী আৰক্ষীৰ জিম্মাত নলবাৰীৰ মিন্টু কলিতা । হাতে- লোটে ধৰা পৰাৰ পিছত চুৰিকাণ্ডৰ কথা নিজ মুখেৰে আৰক্ষীৰ আগত ব্যক্ত কৰিলে মিন্টুয়ে । জালুকবাৰী আৰক্ষীয়ে গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । আনহাতে জালুকবাৰী আৰক্ষীৰ জালত পৰে আৰু দুটা দুধৰ্ষ বাইক চোৰ । ধৃত চোৰ দুটা ছাহজাহান আলী আৰু মহৰুদ্দিন আলী । দুয়োৰে পৰা আৰক্ষীয়ে জব্দ কৰেAS01DU6332নম্বৰ এখন চুৰি বাইক ।

ৰাজ্যত চোৰৰ দ্পদ্পনি

ইফালে লখিমপুৰত আৰক্ষীক অপেন চেলেঞ্জ দি নিশা বিহপুৰীয়াত চোৰে চলালে অভিযান ৷ আৰক্ষীৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ নগৰখনৰ মাজ মজিয়াত থকা"চিল্কালয়" নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চলালে লুটপাত ৷ লুটি নিলে প্ৰায় 10 লাখ টকাৰ পাট-মুগাৰ কাপোৰ । আৰক্ষীৰ নিষ্ক্ৰীয়তাৰ বিৰুদ্ধে গৰজি উঠিল বিহপুৰীয়া ৰাইজ । বন্ধ কৰি ৰাখিলে বিহপুৰীয়াৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান । ঘটনাস্থলীত উচ্চ প্ৰদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ চোৰক ধৰাৰ আশ্বাস প্ৰদান কৰাৰ লগতে নিশাৰ পহৰা কটকটীয়া কৰাৰ আশ্বাস প্ৰদান কৰে । আৰক্ষীৰ লগতে ব্যৱসায়ীসকলৰ সন্দেহ নিশা গাড়ী লৈ অহা বৃহৎ ভ্ৰাম্যমাণৰ দলে চলাইছে চুৰি কাৰ্য ৷

ৰাজ্যত চোৰৰ দ্পদ্পনি

আৰু পঢ়ক :ধেমাজিত চোৰে থপিয়ালে টকা ভৰ্তি বেগ

ABOUT THE AUTHOR

...view details