অসম

assam

মহানগৰীত নিশা চোৰ কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল চোৰৰ দল

By

Published : Nov 3, 2019, 2:41 PM IST

মহানগৰীৰ ছয়মাইলত শনিবাৰে নিশা চোৰ কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল চোৰৰ দল৷ লগতে ছয়গাঁৱৰ ঔগুৰীতো গৰু চোৰক আটক কৰাক লৈ উত্তপ্ত পৰিস্থিতি ৷ আৰক্ষীৰ সন্মুখতে ৰাইজে জ্বলালে চোৰে ব্যৱহাৰ কৰা বাহন ৷

ৰাইজৰ ৰোষত পৰিল চোৰৰ দল

গুৱাহাটী, 3 নৱেম্বৰঃ মহানগৰীত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে চোৰ ডকাইতৰ কাহিনী । দৈনন্দিন ইটোৰ পিছত সিটো নতুন বিভিন্ন অসামাজিক কাৰ্যকলাপ সংঘটিত হৈ আহিছে মহানগৰীত । শনিবাৰে নিশাও মহানগৰীৰ ছয়মাইলত সংঘটিত হয় এনে এক অনুৰূপ ঘটনা । নিশা চোৰৰ এটা দলে ছয়মাইলৰ উৰণীয়া সেঁতুৰ তলত এখন বলেৰ বাহন চোৰ কৰিব আহি ৰাইজৰ ৰোষত পৰে । পাছত উত্তম মাধ্যম শোধাই দিছপুৰ আৰক্ষীৰ হাতত গতাই দিয়ে যদিও ঘটনাস্থলীৰ পৰা ধৃত দুই চোৰ পলায়ন কৰে । অৱশ্যে দিছপুৰ আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ বাবে আটকাধীন চোৰক জেৰা অব্যাহত ৰাখিছে ।

ছয়গাঁৱৰ ঔগুৰীত পাঁচ গৰু চোৰক আটক

লগতে পঢ়কঃনৱগঠিত জম্মু-কাশ্মীৰ আৰু লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলৰ মানচিত্ৰ প্ৰকাশ

আনহাতে ছয়গাঁৱৰ ঔগুৰীত শনিবাৰে নিশা পাঁচ গৰু চোৰক কৰায়ত্ত কৰিলে স্থানীয় ৰাইজে | বানেশ্বৰ ৰাভা নামৰ এজন লোকৰ ঘৰৰ গোহালীত গৰু চোৰ কৰিবলৈ সোমাওতেই গৃহস্থই গম পাই চিঞৰ-বাখৰ কৰাত ওচৰৰ কেইবাজনো লোক ওলাই আহি চোৰ কেইটাক আটক কৰিবলৈ সক্ষম হয় ৷ ৰাইজে আটক কৰা গৰু চোৰ কেইটা ক্ৰমে বকোৰ জালালুদ্দিন, গৰৈমাৰীৰ হাছেন আলী, বকো তাৰাবাৰীৰ আলিমুদ্দিন, তাৰাবাৰীৰ ফৰিজুল হক আৰু সোণতলীৰ বিশ্বাস ৷ ধৃত চোৰ কেইটাই লগত লৈ অহা AS 25 CC 6191 নম্বৰৰ ডি আই গাড়ী এখনো জব্দ কৰে ৰাইজে ৷ ইপিনে ৰাইজে চোৰ কেইটাৰ ওপৰত ৰাজহুৱা বিচাৰ কৰি থকাৰ সময়তেই ছয়গাঁও আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ চোৰ কেইটাক ৰাইজৰ ৰোষৰ পৰা উদ্ধাৰ কৰে৷ ইয়াৰ পিচতেই ৰাইজে চুৰি কাৰ্যত ব্যৱহাৰ কৰা বাহনখন আৰক্ষীৰ সন্মুখতে জুই লগাই দিয়ে ৷

ছয়মাইলত ৰাইজৰ ৰোষত পৰিল চোৰৰ দল

ABOUT THE AUTHOR

...view details