হাজো,15 মে’:তীৰ্থনগৰী হাজোত ধৰ্মীয় অনুষ্ঠানত চোৰৰ শেনচকু । কৰʼণাক লৈ চৰকাৰে জাৰি কৰা সান্ধ্য আইনৰ মাজতে হাজোত সংঘটিত হৈছে এক চুৰিকাণ্ডৰ ঘটনা । শুকুৰবাৰে নিশা হাজোৰ অভয়পুৰৰ শিলাদ্বাৰ পাহাৰত অৱস্থিত গণেশ মন্দিৰত চোৰৰ টিঘিল-ঘিলনি । ঐতিহাসিক এই গণেশ মন্দিৰৰ প্ৰণামী বাকচ ভাঙি চোৰে লুটি নিলে নগদ ধনৰ লগতে বাকচৰ ভিতৰত থকা সোণ-ৰূপৰ আ-অলংকাৰো ।
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও দুবাৰকৈ শিলাদ্বাৰ পাহাৰত থকা গণেশ মন্দিৰত চোৰে লুটপাত চলাইছিল । মন্দিৰ পৰিচালনা সমিতি তথা স্থানীয় ৰাইজৰ সন্দেহ কৰা অনুসৰি, কোনো ড্ৰাগছ আসক্ত যুৱকে এই চুৰিকাণ্ড সংঘটিত কৰিছে ।