দক্ষিণ কামৰূপ/আজাৰা, 6 অক্টোবৰঃ অৱশেষত উদ্ধাৰ কৰা হ'ল ব্ৰিটেনীয়া উদ্যোগৰ পৰা চুৰি হোৱা ২ লাখ ৮০ হেজাৰ টকা মূল্যৰ ৩৮০০ লিটাৰ ৰিফাইন তেল সহ ট্ৰেংকাৰ (Theft of refine oil from Britannia)৷ পলাশবাৰীৰ বিজয়নগৰ আৰক্ষীয়ে অভিযান চলাই সফলতা লাভ কৰিবলৈ সক্ষম হয় ৷
জানিব পৰা মতে,ৰামপুৰস্থিত বিস্কুট প্ৰস্তুতকাৰী উদ্যোগ ব্ৰিটেনীয়াত দীৰ্ঘদিনধৰি চলি আহিছিল বিস্কুট প্ৰস্তুতকৰণত ব্যৱহৃত ৰিফাইন তেলৰ চোৰাং বেহা ৷ উদ্যোগ প্ৰতিষ্ঠানটোৰ মজুত ভাণ্ডাৰৰ পৰা হেজাৰ হেজাৰ ৰিফাইন তেল দুষ্ট চক্ৰই অতি কৌশলেৰে প্ৰায়েই চুৰি কাৰ্য সংঘটিত কৰি আহিছিল যদিও কৰ্তৃপক্ষই একো উম-ঘামেই পোৱা নাছিল ৷ কিন্তু কৰ্তৃপক্ষই পলমকৈ হ'লেও এই চোৰাং বেহাৰ উমান পাই উপায়ন্তৰ হৈ বিজয়নগৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ৷
বিজয়নগৰ আৰক্ষীয়ে পিএছ ৪২১\২০২০ ইউএছ ৩৭৯\৩৪ আইপিচিৰ অধীনত গোচৰ ৰুজু কৰি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কবিন্দ্ৰ ৰাভাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলায় ৷ অতি গোপনে অনুসন্ধান চলাই ছয়গাঁও আৰক্ষী থানাৰ(Chaygaon Police Station) অন্তৰ্গত টকৰাদিয়া গাঁৱৰ পৰা প্ৰাঞ্জল কলিতা নামৰ যুৱক এজনক ঘটনা সন্দৰ্ভত আটক কৰে (Oil thief of Britannia Industry arrested) ৷ ইয়াৰ পিছতে পোহৰলৈ আহে চুৰি কাৰ্যৰ সকলো তথ্য ৷