বকো, 25 জানুৱাৰী : বকোৰ জাৰাপাৰাত নৱনিৰ্মিত পকী পথ উদ্ধোধনৰ বাবে সোমবাৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা উপস্থিত হয় ৷ পথ উদ্ধোধনী অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে আগন্তুক বিধানসভা নিৰ্বাচনৰ স্থিতি সন্দৰ্ভত মন্তব্য কৰে ৷ সদস্যগৰাকীৰ মতে, এতিয়ালৈকে তেওঁলোকে কোনো ধৰণৰ স্থিতি গ্ৰহণ কৰা নাই ৷ কিন্তু আগন্তুক নিৰ্বাচনৰ বাবে 14 দিনৰ ভিতৰত স্থিতি স্পষ্ট কৰিব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷
নিৰ্বাচনঃ স্থিতি স্পষ্ট কৰিব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে - মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা
আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে 14 দিনৰ ভিতৰত স্থিতি স্পষ্ট কৰিব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে ৷ বকোৰ জাৰাপাৰাত পকী পথ উদ্ধোধনৰ বাবে উপস্থিত হৈ এই মন্তব্য কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই ৷
14 দিনৰ ভিতৰত নিৰ্বাচনী স্থিতি স্পষ্ট কৰিব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে
উল্লেখ্য যে,জাৰাপাৰা অঞ্চলতোৰ উন্নয়নৰ বাবে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ পুঁজিৰে জাৰাপাৰা গাঁৱৰ লাঙামাৰা গোহাঁই ৰাজহুৱা সভাগৃহ নিৰ্মাণৰ বাবে ১০ লাখ টকা,বকো জৱাহৰলাল নেহৰু কলেজৰ সন্মুখৰ পৰা মৌমান গাঁৱলৈ যোৱা পথটোৰ নিৰ্মাণ আৰু কৃষ্ণ মন্দিৰৰ উন্নয়নৰ বাবে ৬ লাখ টকা দিয়াৰ কথা ঘোষণা কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই।
লগতে পঢ়ক:ভাৰতীয় জনতা পাৰ্টী এটা মিছলীয়া পাৰ্টী:বিকাশ উপাধ্যায়