অসম

assam

By

Published : Mar 15, 2021, 2:29 PM IST

Updated : Mar 15, 2021, 3:19 PM IST

ETV Bharat / state

ৰঙিয়াৰ এগৰাকী প্ৰাৰ্থীৰ ব‍্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ

নতুন নতুন কৌশলেৰে ভোটাৰ ৰাইজক আকৰ্ষণ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে প্ৰতি গৰাকী প্ৰাৰ্থীয়ে ৷ তাৰ মাজতে ৰঙিয়া সমষ্টিত দেখিবলৈ পোৱা গ'ল এগৰাকী ব্যতিক্ৰমী প্ৰাৰ্থী ৷ কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট সমৰ্থিত চিপিএমৰ প্ৰাৰ্থী ডা৹ ভগৱান দেৱ মিশ্ৰই ব্যতিক্ৰমী ধৰণে চলাইছে প্ৰচাৰ ৷ পেচাত এগৰাকী ডাক্তৰ মিশ্ৰই অভিযানৰ মাজতেই সমষ্টিৰ ৰোগীক দি গ'ল প্ৰাথমিক চিকিৎসা ৷

ৰঙিয়াৰ এগৰাকী প্ৰাৰ্থীৰ ব‍্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ
ৰঙিয়াৰ এগৰাকী প্ৰাৰ্থীৰ ব‍্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ

ৰঙিয়া,15মাৰ্চ:ৰাজ্যত বলিছে নিৰ্বাচনৰ গৰম বতাহ ৷ সমষ্টিয়ে সমষ্টিয়ে ভোটাৰৰ ওচৰত ভিৰ কৰিছে ভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী ৷ নতুন নতুন কৌশলেৰে ভোটাৰ ৰাইজক আকৰ্ষণ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে প্ৰতি গৰাকী প্ৰাৰ্থীয়ে ৷ তাৰ মাজতে ৰঙিয়া সমষ্টিত দেখিবলৈ পোৱা গ'ল এগৰাকী ব্যতিক্ৰমী প্ৰাৰ্থী ৷ কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট সমৰ্থিত চিপিএমৰ প্ৰাৰ্থী ডা৹ ভগৱান দেৱ মিশ্ৰই ব্যতিক্ৰমী ধৰণে চলাইছে প্ৰচাৰ ৷ পেচাত এগৰাকী ডাক্তৰ মিশ্ৰই অভিযানৰ মাজতেই সমষ্টিৰ ৰোগীক দি গ'ল প্ৰাথমিক চিকিৎসা ৷

ব‍্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ ৰঙিয়াত

উল্লেখ্য যে, নিৰ্বাচনৰ প্ৰচাৰ চলালেও নিজৰ কৰ্তব্য পালন কৰি যাব বুলি কয় প্ৰাৰ্থী গৰাকীয়ে ৷ ঘৰে ঘৰে গৈ চলোৱা প্ৰচাৰৰ মাজতে বহু ৰোগীক সাক্ষাৎ কৰি কয় সমষ্টিটোৰ লোক সকলৰ স্বাস্থ্য আৰু ৰঙিয়াৰ বিভিন্ন অঞ্চলৰ নিৰ্মাণ নোহোৱা ৰাস্তা সমূহৰ লগতে বানপানীকে আদি কৰি কেইবাটাও বিষয় লৈ তেওঁ ৰাইজৰ কাষ চাপিছে ৷ ইতিমধ্যে মিশ্ৰই ৰঙিয়াৰ উদিয়ানা, ততাৰকুছি, তৰণীকে আদি কৰি বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাইছে ৷

লগতে পঢ়ক:মাজুলীত ঘৰে-ঘৰে নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাজীৱ লোচন পেগুৰ

Last Updated : Mar 15, 2021, 3:19 PM IST

ABOUT THE AUTHOR

...view details