আমিনগাঁও,7অক্টোবৰঃঅসমৰ যুৱক-যুৱতীসকলৰ উচ্চ শিক্ষা লাভৰ সপোন বাস্তৱলৈ ৰূপান্তৰিত কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা হ'ল 'অভিনন্দন' আঁচনি ৷ শনিবাৰে আমিনগাঁৱত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান আয়োজন কৰি ৰাজ্য চৰকাৰে হিতাধিকাৰীলৈ আনুষ্ঠানিকভাৱে অনুমোদন পত্ৰ প্ৰদান কৰে ৷ এই অনুমোদন পত্ৰ প্ৰদান অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অনুমোদন পত্ৰ প্ৰদান কৰি কয় যে,বেংকৰ পৰা ঋণ লৈ অধ্যয়ণ কৰা ছাত্ৰ-ছাত্ৰীসকলক সকাহ দিবৰ বাবেই চৰকাৰে এই আঁচনি আৰম্ভ কৰিছে ৷ অভিনন্দন আঁচনিৰ জৰিয়তে 50হাজাৰ টকাকৈ ৰাজসাহাৰ্য প্ৰদান কৰা হৈছে ছাত্ৰ-ছাত্ৰীক ৷ তদুপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আৰ্থিক দুৰ্বলতাৰ বাবে যাতে ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নৰ পৰা বঞ্চিত হ'ব লগা নহয়, তাৰ ওপৰতো দৃষ্টি ৰখা হৈছে বুলি জানিবলৈ দিয়ে ৷ উল্লেখযোগ্য যে, শনিবাৰৰ দিনটোতে ৰাজ্যৰ 4500 গৰাকী ছাত্ৰ-ছাত্ৰীক এই আঁচনিৰ দ্বাৰা প্ৰায় 22কোটি টকা প্ৰদান কৰা হৈছে ৷
শিক্ষামন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত মন্তব্য কৰে যে,15 জানুৱাৰীৰ ভিতৰত ৰাজ্য চৰকাৰে ঘোষণা কৰা প্ৰতিখন আঁচনিয়ে কাৰ্যকৰী ৰূপত ৰূপায়িত হ'ব ৷ তিনি তালাক ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে কয় যে,তালাক ব্যৱস্থাৰ জৰিয়তে একাংশই মহিলাক অবৰ্ণনীয়ভাৱে অত্যাচাৰ কৰি আহিছিল ৷ কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তালাক ব্যৱস্থাৰ বিলুপ্তি ঘটাই মহিলাসকলক কিছু সকাহ দিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত এই সন্দৰ্ভত এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈও কয় মন্ত্ৰীগৰাকীয়ে ৷