অসম

assam

ছয়গাঁৱত ভুৱা আধাৰ কাৰ্ড কেন্দ্ৰ উৎখাত:গ্ৰেপ্তাৰ দুই যুৱক

By

Published : Dec 18, 2020, 5:23 PM IST

ছয়গাঁৱৰ গৰৈমাৰীৰ কৰাইবিলত এটি অবৈধ আধাৰ কাৰ্ড বনোৱা ঘাটি উৎখাত কৰাৰ লগতে গ্ৰেপ্তাৰ কৰা হয় দুজন যুৱকক ৷ যুৱক দুজন মহেন্দ্ৰ মণ্ডল আৰু সঞ্জীৱ কুমাৰ বিশ্বাস বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ ৷

The Aadhaar card center in Chaygaon was demolished
ছয়গাঁৱত ভুৱা আধাৰ কাৰ্ড কেন্দ্ৰ উৎখাত:গ্ৰেপ্তাৰ দুই যুৱক

ছয়গাঁও ১৮ ডিচেম্বৰ: বৃহস্পতিবাৰে নিশা দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ সংখ্যালঘু অধ্যুষিত অঞ্চল গৰৈমাৰীৰ কৰাইবিলত এটি অবৈধ আধাৰ কাৰ্ড বনোৱা ঘাটি উৎখাত কৰা হয় ৷ এক গোপন সুত্ৰৰ পমখেদি ছয়গাঁৱৰ কৰাইবিল গাঁৱৰ তাজিমুদ্দিনৰ ঘৰত অভিযান চলায় জোৰশিমুলী আৰক্ষীয়ে ৷ এই অভিযানত দুজনকৈ ভুৱা আধাৰ কাৰ্ড বনোৱা লোকক আটক কৰাৰ লগতে স্কেনাৰ,বায়'মেট্ৰিক,লেপটপকে ধৰি আধাৰ কাৰ্ড বনোৱাত ব্যৱহৃত বহু যাৱতীয় সামগ্ৰী জব্দ কৰা হয় ৷ ভুৱা আধাৰ কাৰ্ড কেন্দ্ৰৰ স্বত্তাধিকাৰী মহেন্দ্ৰ মণ্ডল আৰু সঞ্জীৱ কুমাৰ বিশ্বাসকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ বকোৰ ত্ৰিলোচন গাঁও পঞ্চায়ত কাৰ্যালয়ৰ আধাৰ কেন্দ্ৰত নিয়োজিত আছিল এই দুয়োজন যুৱক ৷

ছয়গাঁৱত ভুৱা আধাৰ কাৰ্ড কেন্দ্ৰ উৎখাত:গ্ৰেপ্তাৰ দুই যুৱক

অন্য এক খবৰৰ বাবে: অসম কৃষি বিশ্ববিদ্যালয়ত সংযোজন এনচিচি

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি,ছমৰীয়া ৰাজহ চক্ৰ এলেকাৰ একাংশ আধাৰ কেন্দ্ৰৰ স্বত্তাধিকাৰীয়ে ছয়গাঁৱৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি নিশাৰ ভাগত ধনৰ বিনিময়ত অবৈধভাৱে চলাই আহিছিল ভুৱা আধাৰ কাৰ্ডৰ নামত ব্যৱসায় ৷ একমাত্ৰ ধনৰ লোভতে সাধাৰণ জনতাৰ পৰা ধন আত্মসাৎ কৰি লোককেইজনে এই কাৰ্য কৰে বুলিও মন্তব্য কৰে স্থানীয় ৰাইজে ৷ বৃহস্পতিবাৰে অৱশেষত জালত পৰে দুজন যুৱক৷ আৰক্ষীয়ে বৰ্তমান যুৱক দুজনক প্ৰেৰণ কৰিছে ছয়গাঁও থানালৈ ৷

ছয়গাঁৱত ভুৱা আধাৰ কাৰ্ড কেন্দ্ৰ উৎখাত:গ্ৰেপ্তাৰ দুই যুৱক

অন্য এক খবৰৰ বাবে: তিতাবৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

ABOUT THE AUTHOR

...view details