অসম

assam

By

Published : May 17, 2020, 7:43 PM IST

Updated : May 18, 2020, 9:54 AM IST

ETV Bharat / state

লকডাউন: বিমানবন্দৰৰ টেক্সি চালকৰ দুৰাৱস্থা

লকডাউনৰ ফলত বন্ধ হৈ আছে দেশৰ বিমানবন্দৰ সমূহৰ লগতে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ । যাত্ৰীৰ সমাগম নোহোৱাত পানীত হাঁহ নচৰা অৱস্থাৰ লেখীয়া হৈছে বিমানবন্দৰৰ টেক্সি চালকসকলৰ ।

বিমানবন্দৰৰ টেক্সি চালকৰ দুৰাৱস্থা
বিমানবন্দৰৰ টেক্সি চালকৰ দুৰাৱস্থা

আজাৰা, 17 মে’: দেশজুৰি অব্যাহত থকা লক ডাউনৰ ফলত বন্ধ হৈ আছে বিমানবন্দৰসমূহ । দেশৰ বিমানবন্দৰৰ লগতে বন্ধ হৈ আছে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ । কেৱল জৰুৰী সেৱাৰ বাহিৰে আন কোনো বিমানৰ চলাচল হোৱা নাই বিমানবন্দৰত । বিমানবন্দৰত স্তব্ধ হৈ আছে হাজাৰ হাজাৰ টেক্সি । যোৱা 24 মার্চৰ পৰা বন্ধ হৈ থকা বিমানবন্দৰলৈ সমাগম হোৱা নাই কোনো যাত্ৰীৰ । যাৰ ফলত পানীত হাঁহ নচৰা অৱস্থা হৈছে বিমানবন্দৰৰ টেক্সি চালকসমূহৰ ।

বিমানবন্দৰৰ টেক্সি চালকৰ দুৰাৱস্থা

বৰঝাৰ বিমানবন্দৰত গাড়ী চলাই জীবন নিৰ্বাহ কৰা প্ৰায় 3 হাজাৰ চালকে এতিয়া যেন হাত দিছে মূৰে-কঁপালে । তেওঁলোকৰ উপাৰ্জনৰ পথ শূণ্য হৈ পৰাৰ ফলত পৰিয়াল পোহপাল দিয়াত বহু কষ্টৰ সন্মুখীন হৈছে চালকসকল ।

কেৱল সেয়াই নহয় উপার্জনৰ পথ শূন্য হৈ পৰাত সমান্তৰালভাৱে বেংকে কাটি আছে তেওঁলোকৰ মাহিলী ঋণ । যাৰ ফলত অতি বিপাঙত পৰিছে চালকসকল । আনৰ পৰা টকা ধাৰ লৈ পৰিশোধ কৰিছে গাড়ীৰ ঋণ । যদিও চৰকাৰে 3 মাহলৈ কোনো ঋণ কৰ্তন কৰা নহয় বুলি জনাইছিল তথাপিও বৰ্তমানো কাটি আছে ঋণ, যাৰ ফলত এতিয়া নিজৰ গাড়ী পৰ্যন্ত বন্ধকত ৰাখিব লগা অৱস্থা হৈছে চালকসকলে ।

লগতে পঢ়ক: যোৰহাট বাছ আস্থানত উপস্থিত এএছটিছি প্ৰধান অশোক কুমাৰ ভট্টৰায়

Last Updated : May 18, 2020, 9:54 AM IST

ABOUT THE AUTHOR

...view details