অসম

assam

ETV Bharat / state

পূজাৰ সময়তো সমস্যাৰ সন্মুখীন টেন্ট হাউচৰ গৰাকীসকল - ৰঙিয়া টেন্ট হাউচ মালিক সন্থাৰ সদস্যসকল

লকডাউনৰ বাবে ব‍্যৱসায়ত গভীৰ লোকচানৰ মুখামুখি হোৱা টেণ্ট হাউচৰ মালিক সকলে দূৰ্গা পূজাৰ সময়তো নিৰাশাহে লাভ কৰিলে ৷

পূজাৰ সময়তো সমস্যাৰ সন্মুখীন টেন্ট হাউচৰ গৰাকীসকল
পূজাৰ সময়তো সমস্যাৰ সন্মুখীন টেন্ট হাউচৰ গৰাকীসকল

By

Published : Oct 20, 2020, 12:51 PM IST

ৰঙিয়া, 20 অক্টোবৰ : লক ডাউনৰ বাবে ব‍্যৱসায়ত গভীৰ লোকচানৰ মুখামুখি হোৱা টেণ্ট হাউচৰ মালিক সকলে দুৰ্গা পূজাৰ সময়তো নিৰাশ হৈছে ৷ দীৰ্ঘদিনীয়া লকডাউনত আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে ৰঙিয়াৰ টেণ্ট হাউচৰ স্বত্বাধিকাৰীসকল । অৱশেষত আশা কৰিছিল দুৰ্গা পূজাত পেন্দেলৰ কাম কৰি বছৰটো কোনোমতে চলিব । কিন্তু এইবাৰ দুৰ্গাপূজাতো স্বাস্থ্য বিভাগে বান্ধি দিছে কিছু নিয়ম । ধুম ধামেৰে উদযাপন কৰিব নোৱাৰিব দুৰ্গা পূজা । যাৰ বাবে পুনৰ টেণ্ট হাউচৰ স্বত্বাধিকাৰীসকলৰ আশাভংগ হৈছে ।

ৰঙিয়া টেন্ট হাউচ মালিক সন্থাৰ সদস্যসকল

বিয়া-সভা,ধৰ্মীয় অনুষ্ঠান আদিত পেণ্ডেল সাজি উলিওৱা এইসকল লোকৰ জীৱনলৈ নামি আহিছে গভীৰ সংকট । পৰিয়াল পোহপাল দিয়াত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে । উপায়বিহীন টেণ্ট হাউচৰ গৰাকী আৰু কৰ্মচাৰীসকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰঙিয়াৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাক আৰ্থিক সহায় বিচাৰি কেইবাবাৰো স্মাৰক পত্ৰ দিছিল যদিও চৰকাৰৰ ফালৰ পৰা কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি অভিযোগ উত্থাপন কৰে । তাৰ বিপৰীতে দুই এখন চৰকাৰী সভা অনুষ্ঠিত হয় যদিও পেন্দেলৰ কাম দিয়া হয় থলুৱাক বঞ্চিত কৰি বহিৰাগত লোকক । যাৰ বাবে এইসকল টেণ্ট হাউচৰ গৰাকী আৰু কৰ্মচাৰীসকলৰ জীৱিকালৈ গভীৰ সংকট নামি আহিছে ।

লগতে পঢ়ক :টেণ্ট হাউচ,কেটাৰিঙত জড়িতসকলক সাহাৰ্য দিয়াৰ দাবী চৰকাৰক

ABOUT THE AUTHOR

...view details