অসম

assam

ETV Bharat / state

আৰ্থিক সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যৰ টেণ্ট হাউছ উদ্যোগ - government approved tent houses

বিগত বছৰৰ লকডাউনৰ পিছত পৰিবেশ সামান্য হোৱাৰ পিছতে পুনৰাই ঘূৰি অহা ক'ভিডৰ দ্বিতীয় ঢৌৱে অসমক পুনৰ এবাৰ জোকাৰি গৈছে । শেহতীয়াকৈ ক'ভিডৰ বাবে সৃষ্টি হোৱা পৰিবেশে ৰাজ্যৰ আৰ্থ-সামাজিক জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে । ৰাজ্যৰ এক অন‍্যত্বম ব্যৱসায় টেণ্ট হাউছৰ লগত জড়িত ব‍্যক্তি সকলৰ জীৱনতো ইয়াৰ বিৰুপ প্ৰভাৱ পৰিছে ।

tent house industry in huge troublা
আৰ্থিক সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যৰ টেণ্ট হাউছ উদ্যোগ

By

Published : Jun 16, 2021, 1:26 PM IST

ৰঙিয়া,16 জুন :বিহুৰ সাংস্কৃতিক অনুষ্ঠান, বিয়া-সবাহকে ধৰি বিভিন্ন অনুষ্ঠানত ৰভা, চকী, মেজ, পোহৰৰ সৰঞ্জাম, মিউজিক আদিৰ লগতে ৰান্ধনীশালৰ প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী যোগান ধৰা টেণ্ট হাউছৰ মালিক(tent house owners)কৰ্মচাৰীৰ বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা হৈছে ।

বহাগ আৰু জেঠ মাহৰ সময়চোৱাত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হোৱাৰ বাবে এই কেইমাহতে দিনে নিশাই পেণ্ডেলৰ কাম কৰি দুপইচা উপাৰ্জন কৰে পেণ্ডেলৰ গৰাকী আৰু সহায়কসকলে । কিন্তু যোৱাটো বৰ্ষৰ লকডাউনৰ পিছত এইবেলি পুনৰ আংশিক লকডাউন(mini lockdown)ৰ বাবে অনুষ্ঠিত হোৱা নাই কোনোধৰণৰ অনুষ্ঠান । যাৰ বাবে এতিয়া টেণ্ট হাউচৰ গৰাকী আৰু কৰ্মচাৰীসকলৰ জীৱিকালৈ গভীৰ সংকট নামি আহিছে ।

বৃহৎ অৰ্থনৈতিক সমস্যাৰ সন্মুখীন টেণ্ট হাউছ উদ্যোগ

সমগ্ৰ অসমতেই চৰকাৰী ভাৱে স্বীকৃতি প্ৰাপ্ত টেণ্ট হাউচ(government approved tent houses) আছে প্ৰায় চল্লিশ হাজাৰ। এই চল্লিশ হাজাৰ টেণ্ট হাউচৰ লগত জড়িত হৈ থকা কেইবা লক্ষাধিক লোকৰ অৱস্থা বৰ্তমান শোচনীয় ৷ যোৱাটো বৰ্ষৰ দীৰ্ঘদিনীয়া লকডাউনৰ পিছত প্ৰায়সংখ‍্যক টেণ্ট হাউছৰ মালিকেই লক্ষাধিক টকাৰ ঋণ লৈ বাঁহ কাপোৰ আদিৰ লগতে অন্যান্য সামগ্ৰী ক্ৰয় কৰিছিল । কিন্তু, পুনৰাই ক'ভিডৰ বাবে জাৰি হোৱা আংশিক লকডাউনৰ পিছত এতিয়া সেই সকলোবোৰ সামগ্ৰী ঘৰতেই নষ্ট হোৱাৰ উপক্ৰম হৈছে ।

আৰ্থিক সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যৰ টেণ্ট হাউছ উদ্যোগ

লকডাউনৰ সময়ত প্ৰায় এটা বছৰ ঘৰতে বহি থকাৰ পিছত এইবছৰ পুনৰাই কৰ্মহীন হৈ পৰা এইসকল লোকৰ পৰিয়াল পোহপাল দিয়াত ক্ষেত্ৰতো যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে ৷ ব্যৱসায়টোৰ লগত জড়িত উপায়হীন লোক সকলে বৰ্তমান চৰকাৰৰ ওচৰত পৰিয়াল পোহপাল দিব পৰাকৈ সহায় বিচাৰি জনাইছে আবেদন ।

লগতে পঢ়ক :দেবাংগনাৰ জামিন লাভৰ পাচতে উৎফুল্লিত ডিব্ৰুগড়বাসী

ABOUT THE AUTHOR

...view details