বাইহাটা চাৰিআলি,৩০ জুন :ৰাজ্যত গৰু চিণ্ডিকেট চক্ৰ এতিয়াও সক্ৰিয় হৈ আছে (Cattle syndicate in Assam)। প্ৰায় প্ৰতিদিনে ৰাজ্যৰ ভিন্ন প্ৰান্তত চোৰাংকৈ সৰবৰাহ কৰা গৰু জব্দ কৰিছে আৰক্ষীয়ে । ইয়াৰ পাছতো গৰু চিণ্ডিকেট চক্ৰই এই কাৰ্যকলাপ অব্যাহত ৰাখিছে । গৰুৰ চোৰাং সৰবৰাহৰ বাবে বিভিন্ন ধৰণৰ উপায় অৱলম্বন কৰিছে চক্ৰটোৱে । ইফালে অসমৰ মাজেৰে বাংলাদেশ আৰু বহিঃৰাজ্যলৈও এই চক্ৰটোৱে গৰু সৰবৰাহ অব্যাহত ৰাখিছে ।
ইয়াৰ মাজতে কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত গৰু সৰবৰাহক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । গৰুভৰ্তি বাহন ৰখাই বিপদত পৰিল এগৰাকী মহিলা (Woman in danger after stopping a vehicle full of cows)। একাংশ লোকে মহিলাগৰাকীৰ বাহন আক্ৰমণ কৰাত অধিক উত্তপ্ত হৈ পৰে পৰিৱেশ ।
ঘটনাটো বাইহাটা চাৰিআলিৰ সমীপৰ বেজেৰা-উত্তৰ গুৱাহাটী সংযোগী পথত সংঘটিত হৈছে । ভুক্তভোগী মহিলাগৰাকী হৈছে মান্দাকাটাত থকা ধ্যান ফাউণ্ডেচন নামৰ গোশালাখনৰ স্বত্বাধিকাৰী গায়ত্ৰী কাপুৰ । গায়ত্ৰী কাপুৰে জনোৱা মতে গৰুভৰ্তি এখন বাহন প্ৰত্যক্ষ কৰাৰ পাছতে তেওঁ বাহনখন ৰখাই আৰক্ষীক খবৰ দিয়ে । অভিযোগ অনুসৰি AS-25-DC-6166 নম্বৰৰ বাহনখনত অতি বিপদজনকভাৱে ৭টাকৈ গৰু সৰবৰাহ কৰা হৈছিল ।