অসম

assam

ETV Bharat / state

ৰঙিয়াৰ ৰে’ল সংমণ্ডলত নিবিদা আহ্বানক লৈ অনিয়ম

ৰঙিয়া ৰে’ল সংমণ্ডলত পকেট টেণ্ডাৰক লৈ ব্যাপক কেলেংকাৰী হোৱাৰ অভিযোগ উত্থাপন হৈছে । ছাত্ৰ সন্থাৰ অভিযোগ-অনিয়মৰ মাজেৰে নিৰ্দিষ্ট লোকক দিয়া হৈছে কামৰ আৱণ্টন । যাৰ ফলত পূৰ্বৰ পৰা নিয়মৰ মাজেৰে কাম কৰি অহা স্থানীয় লোকসকলক ষড়যন্ত্ৰ কৰি বঞ্চিত কৰা হৈছে ।

tender misconduct
ৰঙিয়াৰ ৰে’ল সংমণ্ডলত নিবিদা আহ্বানক লৈ অনিয়ম

By

Published : Jul 1, 2021, 5:26 PM IST

ৰঙিয়া, ১ জুলাই : বিভিন্ন সময়ত ৰে’ল বিভাগৰ (Railway Department) কিছুমান নিবিদা (Tender) আহ্বানক লৈ ব্যাপক অনিয়ম (misconduct) হোৱা দেখা যায় । এইবাৰ ৰঙিয়া ৰে’ল সংমণ্ডলত (Rangia railway division) পকেট টেণ্ডাৰক লৈ ব্যাপক কেলেংকাৰী হোৱাৰ অভিযোগ উত্থাপন হৈছে । ৰঙিয়া ৰে’ল মাণ্ডলিক প্ৰৱন্ধকৰ (Rangia Divisional Railway Manager) কাৰ্যালয়ত সংঘটিত হৈছে এই অনিয়ম । এই নিয়মৰ তথ্য লাভ কৰাৰ পিছতে ক্ষোভিত হোৱা দেখা গৈছে বিভিন্ন সংগঠনক ।

সদৌ অসম ছাত্ৰ সন্থাই (All Assam Student Union) তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে । ছাত্ৰ সন্থাৰ অভিযোগ-অনিয়মৰ মাজেৰে নিৰ্দিষ্ট লোকক দিয়া হৈছে কামৰ আৱণ্টন । যাৰ ফলত পূৰ্বৰ পৰা নিয়মৰ মাজেৰে কাম কৰি অহা স্থানীয় লোকসকলক ষড়যন্ত্ৰ কৰি বঞ্চিত কৰা হৈছে বুলি অভিযোগ তুলিছে সদৌ অসম ছাত্ৰ সন্থাই । থলুৱা বিৰোধী চক্ৰই ৰে’ল বিভাগত চলাই থকা এনে কৰ্মকাণ্ডৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আছু (AASU) ।

ৰঙিয়াৰ ৰে’ল সংমণ্ডলত নিবিদা আহ্বানক লৈ অনিয়ম

ৰে’লযোগে অহা সামগ্ৰীৰ লোডিং-আনলোডিং প্ৰক্ৰিয়াৰ বাবে শেহতীয়াকৈ বিভাগীয়ভাৱে ১০ কোটি টকাৰ পকেট টেণ্ডাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আছুৰ দলটোৱে । যাৰ পৰিপ্ৰেক্ষিতত পুনৰবাৰ থলুৱা লোকক বঞ্চিত হোৱাৰ আশংকাই গা কৰি উঠিছে । সমগ্ৰ দেশতে প্ৰচলিত ই-টেণ্ডাৰৰ (e-Tender) ব্যৱস্থাৰ বিপৰীতে কেৱল মাত্ৰ ৰঙিয়াৰ ৰে’ল ডিভিজনত প্ৰৱৰ্তন কৰা পকেট টেণ্ডাৰ (Pocket Tender) ব্যৱস্থা অতি শীঘ্ৰে প্ৰত্যাহাৰৰ কৰাৰ দাবী জনায় আছু নেতৃবৃন্দই ।

অন্যথা ৰে’ল বিভাগৰ এনে অনিয়মৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে নেতৃবৃন্দই । উল্লেখ্য যে, এয়া প্ৰথম ঘটনা নহয় । ইয়াৰ পূৰ্বেও ৰে’ল বিভাগে বিভিন্ন ক্ষেত্ৰত থলুৱা লোকক বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে । আনকি ৰে’ল বিভাগৰ বিৰুদ্ধে স্থানীয় লোক তথা সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনেও প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ।

লগতে পঢ়ক :স্থাপনৰ দিশে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো পাইলট প্ৰশিক্ষণ কেন্দ্ৰ

ABOUT THE AUTHOR

...view details