ৰঙিয়া, ২১ ছেপ্টেম্বৰ:ৰঙিয়াত অসম জনস্বাস্থ্য কাৰিকৰী অস্থায়ী কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ(Protest in Rangia) । চাকৰি নিয়মীয়াকৰণৰ দাবীত চৰকাৰৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে অস্থায়ী কৰ্মচাৰীসকলে । চৰকাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি ব্যক্তিগতকৰণ কৰিব খোজাৰ বিৰোধিতা(Public Health Technical Department) । লগতে অস্থায়ী কৰ্মচাৰীসকলক প্ৰতাৰণা কৰাৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে ।
চাকৰি নিয়মীয়াকৰণ আৰু প্ৰাপ্য দৰমহাৰ দাবীত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৰঙিয়া সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ চৌহদত চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিবেশ উত্তাল কৰিলে প্ৰতিবাদকাৰীয়ে(Protests demanding regularisation of jobs) । অতি শীঘ্ৰে অসম জনস্বাস্থ্য কাৰিকৰী অস্থায়ী কৰ্মচাৰী সন্থাৰ দাবী মানি ল'বলৈ আহ্বান চৰকাৰক । অন্যথা এই ক্ষেত্ৰত যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে চৰকাৰ দায়ী হ’ব বুলি সকিয়াই দিয়ে ।
উল্লেখ্য যে প্ৰায় এটা দশকতকৈও অধিক কাল পাম্প অপাৰেটৰ হিচাপে বিনা বেতনে কাম কৰি অহা কৰ্মচাৰীসকলে অনাগত দিনত হ'বলগীয়া আন্দোলনৰ বাবে চৰকাৰক জগৰীয়া কৰিছে । এইসকল কৰ্মচাৰীৰ বেছি ভাগেই এটা নিয়মীয়া চাকৰিৰ আশাত নিজৰ ম্যাদী পত্তাৰ মাটি পানী যোগান আঁচনি নিৰ্মাণ কৰিবলৈ চৰকাৰক দান কৰিছিল । কিন্তু অত বছৰৰ পিছতো এওঁলোকৰ চাকৰি নিয়মীয়াকৰণ নহল ।