ৰঙিয়া,27 ডিচেম্বৰ : দীৰ্ঘদিনৰ পৰা ৰঙিয়াত ড্ৰাগছৰ কৱলত পৰিছে একাংশ যুৱ প্ৰজন্ম ৷ ধনৰ অভাৱত ড্ৰাগছ সেৱন কৰিবলৈ নাপালে ঘৰৰ সামগ্ৰী বিক্ৰী কৰি ড্ৰাগছ সেৱন কৰে যুৱক তথা কিশোৰসকলে ৷
শনিবাৰে নিশা ৰঙিয়া চহৰত তিনিটা ড্ৰাগছ আসক্ত কিশোৰক ৰাইজে খেদি খেদি কৰায়ত্ব কৰে ৷ এখন কাপোৰৰ দোকানৰ পৰা কম্বল চুৰি কৰি থকা সময়তে স্থানীয় ৰাইজে আটক কৰে কিশোৰ তিনিটাক ৷
ৰঙিয়াত ড্ৰাগছত আসক্ত কিশোৰ ড্ৰাগছত আসক্ত কিশোৰ তিনিটা ৰঙিয়াৰ নিউমাৰ্কেটৰ নিৱাসী বুলি জানিব পৰা গৈছে ৷ ৰাইজে কৰায়ত্ব কৰা ৰাজবংশী উপাধিৰ কিশোৰজনে চুৰিকাৰ্যত জড়িত থকা বুলি স্বীকাৰ কৰে । পিচত ৰাইজে লপা থপা দি কিশোৰ জনক এৰি দিয়ে ।
উল্লেখ্য যে, ৰঙিয়াত অধিক হাৰত বৃদ্ধি পোৱা ড্ৰাগছৰ বেহাৰ বাবে একাংশ ধনী পৰিয়ালৰ যুৱকৰ লগতে স্কুলীয়া কিশোৰসকল ড্ৰাগছত আসক্ত হোৱাৰ বাবে ভৱিষ্যত প্ৰজন্মৰ বাবে এক চিন্তাৰ কাৰণ হৈ পৰিছে ।
লগতে পঢ়ক :গোলাঘাটত গ্ৰেপ্তাৰ দুধৰ্ষ বাইক চোৰ