ৰঙিয়া, ৭ অক্টোবৰ:ৰাজ্যত পুনৰ সংঘটিত হৈছে শিক্ষকৰ প্ৰহাৰত ছাত্ৰ আহত হোৱাৰ ঘটনা । শৰীৰৰ গোপন অংগত আঘাত কৰাত মৰণ কাতৰ চিঞৰ এগৰাকী কণমানি ছাত্ৰৰ । ৰঙিয়াত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো । মৰণকাতৰ যন্ত্রণাত চিঞৰি আছে সপ্তম শ্রেণীৰ ছাত্ৰ ছাত্ৰজন । পৰিয়ালৰ অভিযোগ অনুসৰি ৰঙিয়া হাই মাদ্ৰাছাৰ ছাত্ৰজনক বিদ্যালয়খনৰে শিক্ষক দিলোৱাৰ হুছেইনে কৰা প্ৰহাৰত শৰীৰৰ গোপন অংগত প্ৰচণ্ড আঘাত পায় । এই ঘটনাটো সংঘটিত হোৱাৰ পিছত ছাত্ৰজনৰ পিতৃয়ে শিক্ষক দিলোৱাৰ হুছেইনৰ বিৰুদ্ধে ৰঙিয়া থানাত দাখিল কৰিছে এজাহাৰ ।
ৰঙিয়া থানাত শিক্ষক দিলোৱাৰ হুছেইনৰ বিৰুদ্ধে 540/23U/S 325 IPC R/W Sec 75 JJB Actৰ অধীনত ৰুজু হৈছে গোচৰ । ইফালে, গুৰুতৰভাৱে আহত ছাত্ৰজনক প্ৰথম অৱস্থাত ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰা হৈছিল । পিছত গুৰুতৰভাৱে অসুস্থ ছাত্ৰজনৰ ৰঙিয়াৰ স্বস্তি হাস্পতালত পোন্ধৰ দিন চিকিৎসা কৰা হয় । এক অক্টোবৰৰ দিনা ছাত্রজনৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটনাৰ ফলত নিশাই পৰিয়ালৰ লোকে ছাত্ৰজনক জি এন আৰ চিত ভৰ্তি কৰায় । ছাত্রজনৰ চিকিৎসাৰ সকলো দায়িত্ব শিক্ষানুষ্ঠান কৰ্তৃপক্ষই বহন কৰাৰ লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পিছতো শিক্ষক দিলোৱাৰ হুছেইনে গা এৰি চলাৰ অভিযোগ কৰিছে ভুক্তভোগী পৰিয়ালটোৱে ।