বাইহাটা,17ছেপ্তেম্বৰঃ অসম আৰক্ষীক কেৰেপ নকৰি ঘাইপথত দুৰ্বৃত্তৰ সন্ত্ৰাস ৷ ৰাষ্ট্ৰীয় ঘাইপথত অব্যাহত ইখনৰ পিছত আনখন ট্ৰাকৰ হাইজেক কৰাৰ ঘটনা ৷ এইবাৰ দুৰ্বৃত্তৰ শেন চকু পৰিল চাহপাত ভৰ্তি এখন ট্ৰাকত ৷
জানিব পৰা মতে, গোলাঘাট ৰোডৱেইজৰ অধীনত থকা জয় হিন্দ ৰোডৱেইজে গোলাঘাটৰ পৰা গুৱাহাটীলৈ ট্ৰাকখনত সৰবৰাহ কৰি আনিছিল প্ৰায় ৪৫০ বেগ চাহপাত । গুৱাহাটীৰ লাখটকীয়াৰ পি এম কৰ্পোৰেচনলৈ আনি থকা ২৪ লাখ টকা মূল্যৰ চাহপাতখিনি মহানগৰীত প্ৰবেশ কৰাৰ পূৰ্বেই কৰা হয় হাইজেক । চালকৰ হাত-ভৰি, মুখ বান্ধি হাইজেক কৰা ট্ৰাকখনৰ পৰা অধিক সংখ্যক চাহপাত লৈ উধাও হয় দুৰ্বৃত্তৰ দল । ইপিনে, এই ঘটনা সংঘটিত হোৱাৰ পিছতে কামৰূপৰ গৌৰীপুৰত এ এচ ২৫ বি চি ৯৩৭৩ নম্বৰৰ এই ট্ৰাকখনকেইবস্তামান চাহপাত সহ পৰিতক্ত অৱস্থাত উদ্ধাৰ কৰাৰ লগতে চালককো উদ্ধাৰ কৰেট্ৰাকৰ ভিতৰৰ পৰা ৷