অসম

assam

ETV Bharat / state

ছয়গাঁৱত 'চাহ উদ্যান'ৰ আধাৰশিলা স্থাপন - ছয়গাঁৱৰ চৌধুৰীপাৰা

কামৰূপৰ ছয়গাঁৱৰ চৌধুৰীপাৰাত স্থাপন কৰা হ'ব 'চাহ উদ্যান' । শুকুৰবাৰে 'চাহ উদ্যান'ৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । চৌধুৰীপাৰাত ২৬০ বিঘা ভূমিত ২৫.৭৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব 'চাহ উদ্যান' ।

'চাহ উদ্যান'ৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে
'চাহ উদ্যান'ৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে

By

Published : Feb 27, 2021, 3:15 PM IST

বকো, ২৭ ফেব্ৰুৱাৰী: আন্তৰ্জাতিক বজাৰত অসমৰ চাহ উদ্যোগক সুকীয়া মাত্ৰা দিয়াৰ বাবে ৰাজ্য চৰকাৰে 'চাহ উদ্যান' স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । শুক্ৰবাৰে কামৰূপৰ ছয়গাঁৱৰ চৌধুৰীপাৰাত স্থাপন হ'বলগীয়া 'চাহ উদ্যান'ৰ আধাৰশিলা স্থাপন কৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । মহানগৰীৰ পৰা ৪৮ কিলোমিটাৰ দূৰত ছয়গাঁৱৰ চৌধুৰীপাৰাত ২৬০ বিঘা ভূমিত নিৰ্মাণ কৰা হ'ব এই 'চাহ উদ্যান' ।

২৫.৭৩ কোটি টকা ব্যয় সাপেক্ষে ৰাজ্য চৰকাৰে 'চাহ উদ্যান' স্থাপন কৰিব । অহা ২৪ মাহৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰা হ'ব বুলি জানিবলৈ দিছে অসম উদ্যোগিক বিকাশ নিগমৰ বিষয়াই । প্ৰতি বছৰে অসমত উৎপাদন হোৱা প্ৰায় ১৩০০ বিলিয়ন কেজি চাহপাতৰ সঠিক মূল্যায়ন, স্বকীয়তা নিৰূপণকে ধৰি পেকেজিং আদি কৰা 'চাহ উদ্যান'ৰ প্ৰধান কাম হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ।

'চাহ উদ্যান'ৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে

'চাহ উদ্যান'ৰ কাম সম্পূৰ্ণ হ'লে স্থানীয় নিবনুৱা যুৱক-যুৱতীয়ে নিজে পেকেজিং আৰু ব্ৰেণ্ডিঙৰ কাম কৰিব পাৰিব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । শুকুৰবাৰে আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী কমলা কলিতা, অসম উদ্যোগিক বিকাশ নিগমৰ প্ৰধান সচিব কে কে ত্ৰিবেদী, অসম উদ্যোগিক বিকাশ নিগমৰ পৰিচালন সঞ্চালক আদিল খানকে ধৰি বিভাগীয় বিষয়াসকল আৰু বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ।

লগতে পঢ়ক:বিজেপি নেত্ৰী দীপাঞ্জলি কাকতিক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details