দক্ষিণ কামৰূপ,26 ফেব্ৰুৱাৰীঃ বুধবাৰে দুপৰীয়া দিল্লীৰ পৰা উভতি আহি বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ বিমান বন্দৰত এআইইউডিএফ আৰু কংগ্ৰেছৰ বুজাবুজি সন্দৰ্ভত সাংবাদিকে শোধা প্ৰশ্নৰ উত্তৰত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, কংগ্ৰেছে বৰ্তমানলৈকে মিত্ৰতা সন্দৰ্ভত কোনো দলৰ লগতেই আলোচনাত মিলিত হোৱা নাই ৷
আনহাতে, ৰাজ্যসভাত আসনৰ বাবে এআইইউডিএফৰে বুজাবুজিৰ ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে ৰিপুণ বৰাই আলোচনা কৰিব পাৰে বুলি মন্তব্য তৰুণ গগৈৰ ৷ পূৰ্বে বদৰুদ্দিন আজমলক কৰা সমালোচনা সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, যেতিয়া তেখেতে সমালোচনা কৰিছিল সেই সময়ত বদৰুদ্দিন আজমল এগৰাকী পঞ্চায়ত প্ৰতিনিধিও হোৱা নাছিল ৷ কিন্তু বৰ্তমান সময়ত আজমল এগৰাকী সাংসদ যাৰ বাবে এতিয়া তেখেতক সমালোচনা কৰা সম্ভৱ নহয় ৷