সৰ্বানন্দ সোণোৱাল নামতহে মুখ্যমন্ত্ৰী কামত নহয় -তৰুণ গগৈ - হিমন্ত বিশ্ব শৰ্মা
প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে অসমৰ আৱেগ অনূভুতিক গুৰুত্ব প্ৰদান কৰি অসমৰ ছাত্ৰ নেতাসকলক গুৰুত্ব প্ৰদান কৰিছিল ৷ কিন্তু বৰ্তমানৰ প্ৰধানমন্ত্ৰীয়ে অসমৰ জনসাধাৰণৰ আৱেগ অনুভূতিক কোনো গুৰুত্ব নিদিয়ে বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ অসমত যি ধৰণে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত যি ধৰণে আন্দোলন হ'ব লাগিছিল সেই ধৰণে হোৱা নাই বুলিও মন্তব্য কৰে জেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে৷ ছাত্ৰ নেতাসকলে এই আন্দোলন আগুৱাই নিব বুলিও তেওঁ আশা প্ৰকাশ কৰে ৷
tarun-gogoi-
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল
- অসমৰ আৱেগক প্ৰধানমন্ত্ৰী আৰু অমিত শ্বাহে গুৰুত্ব নিদিয়ে বুলি মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ
- "হিমন্ত বিশ্ব শৰ্মাই সাৰ পানী যোগাইছে অসমত বিজেপিয়ে একনায়কত্ববাদ চলোৱাত"
- "অসমৰ স্বাৰ্থক নেওচি ক্ষমতাৰ স্বাৰ্থত নিজৰ ৰাজ্যক বিক্ৰী কৰিলে বিজেপি আৰ অগপ নেতাসকলে"
- যি ধৰণে সংগ্ৰাম হ'ব লাগিছিল সেইধৰণে আন্দোলন হোৱা নাই বুলি মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ
- "বিজেপিয়ে ভাৰতত সাম্প্ৰদায়িকতা বিয়পাইছে"
- "বিশ্বনাথৰ ঘটনাৰ দৰে ঘটনাই গণতন্ত্ৰলৈ সংকট আনিছে"
- সেনাৰ নামত বিজেপিয়ে ৰাজনীতি কৰা বুলি অভিযোগ জেষ্ঠ কংগ্ৰেছ নেতাগৰাকীৰ ৷
- "নৰেন্দ্ৰ মোডী পুনৰ বাৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিস্থিত হ'লে অসম অধিক ধ্বংসৰ মুখলৈ গতি কৰিব "
- মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নৃত্য কৰা বিষয়টো লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিজেপিৰ নেতাসকলে 24 ঘণ্টা নাচি থাকিলেও আসনৰ সংখ্যা কমিব বুলি মন্তব্য কৰে ৷