বকো, ২৮ জানুৱাৰী: বৃহস্পতিবাৰে বকোৰ হাহিম পথ আৰু মৌমান বৰগাঁও সংযোগী পথৰ শুভ উদ্বোধন কৰিলে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই । ২০১৯-২০ বিত্তীয় বৰ্ষত আবণ্টিত পুঁজিৰে হাহিম পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এই পকী পথটোৰ নিৰ্মাণ কৰা হৈছে । বৃহস্পতি বাৰে নৱনিৰ্মিত পথটো উদ্বোধন কৰাৰ পাছতে স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে ৰাভাই ।
এই কাৰ্যসূচীত মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ সৈতে উপস্থিত থাকে পথটো নিৰ্মাণ কৰা ঠিকাদাৰ তথা বকোৰ বিশিষ্ট সমাজকৰ্মী হিৰণ্য পাঠক, ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভা, সোণাৰাম ৰাভা, আদিত্য ৰাভা, নগৰমল স্বৰ্গীয়াৰী, সাধাৰণ সদস্য ফ্ৰাইলিন আৰ মাৰাক, অৰ্জুন ছেত্ৰী । লগতে কামৰূপ জিলা পৰিষদৰ উপ-সভাপতি কম্বুৰাম ৰাভা, কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সম্পাদক নোমল ৰাভাসহ বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।